ETV Bharat / bharat

অযোধ্যা ভূমিৰ ৰায়দানৰ পূৰ্বে জৰুৰীভাৱে সম্পন্ন কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক বৈঠক - DECLARATION OF AYODHYA VERDICT

শনিবাৰে কংগ্ৰেছৰ কাৰ্যবাহী সমিতিৰ বৈঠকখন সম্পন্ন, পূৰ্বে 10 নৱেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল, কংগ্ৰেছ দলৰ নীতি সম্পৰ্কত আলোচনা বৈঠকত, তৰুণ গগৈ, জিতিন প্ৰসাদ, মল্লিকাৰ্জুন খাৰ্গে বৈঠকত উপস্থিত, ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি কংগ্ৰেছ দলে সন্মান জনায়

EMERGENCY EXECUTIVE MEETING HELD
author img

By

Published : Nov 9, 2019, 1:43 PM IST

নতুন দিল্লী, 9 নৱেম্বৰ: বহু প্ৰত্যাশিত অযোধ্যা ভূমি সম্পৰ্কে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰাৰ পূৰ্বে শনিবাৰে কংগ্ৰেছৰ কাৰ্যবাহী সমিতিৰ বৈঠকখন সম্পন্ন হয় ৷ এই বৈঠকখন পূৰ্বে 10 নৱেম্বৰত অনুষ্ঠিত হোৱাৰ কথা উল্লেখ আছিল ৷ স্মৰ্তব্য যে,17 নৱেম্বৰৰ পূৰ্বে অযোধ্যাৰ ভূমি বিবাদৰ ৰায়দান কৰাৰ কথা আছিল ৷ কংগ্ৰেছ দলৰ নীতি সম্পৰ্কত আলোচনা হ’বলগীয়া বৈঠকখন, উচ্চতম ন্যায়ালয়ৰ প্ৰতি লক্ষ্য ৰাখি জৰুৰীভাৱে সম্পন্ন কৰা হয় ৷ উক্ত বৈঠকত উপস্থিত থাকে তৰুণ গগৈ,জিতিন প্ৰসাদ,মল্লিকাৰ্জুন খৰ্গে,হৰিশ ৰাৱট,কে.চি. বেণুগোপাল,ৰাজীৱ সাতাভকে ধৰি দলটোৰ উচ্চস্তৰীয় কাৰ্যকৰ্তাসকল ৷ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত বৈঠকখন অনুষ্ঠিত হয় ৷ 2010 চনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ বিৰুদ্ধে কৰা আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে অযোধ্যা ভূমিৰ ঐতিহাসিক ৰায়দান প্ৰদান কৰে ৷ ঘোষণা হোৱা ৰায়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোডীয়ে জনসাধাৰণক উদ্দেশ্যি কয় যে,হ’বলগীয়া ৰায়দানে কাৰো জয় হোৱা নুবুজায় ৷ তদুপৰি ছ’চিয়েল মিডিয়াতো শান্তি অটুট ৰখাৰ আহ্বান জনায় মোডীয়ে ৷ ৰায়দানৰ পূৰ্বে দেশৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হয় ৷

বৈঠকখনত ন্যায়ালয়ৰ ৰায়দানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ জনসাধাৰণক আহ্বান জনায় কাৰ্যকৰ্তাসকলে ৷ তদুপৰি বৈঠকৰ অন্তত ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি কংগ্ৰেছ দলে সন্মান জনাই বুলি ব্যক্ত কৰে দলটোৰ কাৰ্যবাহী সমিতিয়ে ৷ উল্লেখ্য যে,উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে চুন্নী ৱাক্ফ ব’ৰ্ডৰ আবেদন খাৰিজ কৰে ৷ লগতে কেন্দ্ৰীয় চৰকাৰক এক ন্যাস গঠন কৰি ৰাম মন্দিৰ নিৰ্মাণৰ অনুমতি দিয়ে ৷ বাবৰি মছজিদ নিৰ্মাণৰ বাবে সুকীয়াকৈ 5 একৰ মাটি প্ৰদান কৰা হ’ব বুলিও ৰঞ্জন গগৈ নেতৃত্বাধীন 5 জনীয়া বিচাৰপীঠে ঘোষণা কৰে ৷

লগতে পঢ়কঃ তিনি বছৰ পিচত ডিটেনচন কেম্পৰ পৰা মুকলি বঙাইগাঁৱৰ পাঁচ নাগৰিকক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.