নিউজ ডেস্ক, 3 অক্টোবৰঃ আগন্তুক হৰিয়ানা বিধানসভা নিৰ্বাচনকলৈ কংগ্ৰেছী প্ৰাৰ্থীৰ মাজত মত-বিৰোধ ৷ বৰ্তমান ভাইৰেল হৈছে কংগ্ৰেছৰ অস্থায়ী অধ্যক্ষ ছোনীয়া গান্ধীৰ সহযোগী অহমদ পাটেল আৰু হাৰিয়ানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ সিং হুড্ডাৰ সৈতে মতানৈক্যৰ এটা ভিডিঅ’ ৷ 32 ছেকেণ্ডৰ এই ভিডিঅ’টোত টিকট আৱন্টনক লৈ গুলাম নৱী আজাদ, হুড্ডাৰ সৈতে আলোচনাত উত্তেজিত হোৱা দেখা পোৱা গৈছে অহমদ পাটেলক ৷
টিকটৰ বিতৰণ কেনেকৈ কৰা হৈছে ? এই ভিডিঅ’ত প্ৰশ্ন কৰা দেখা পোৱা গৈছে পটেলক ৷ লগতে সুৰজৱালাই কিমান পালে বুলি কৰা প্ৰশ্নৰ উত্তৰত হুড্ডাই কৈছে '' চাৰি '' ৷ আনহাতে ভূপিন্দ সিঙকো প্ৰশ্ন কৰিছে পাৰ্টি হাৰিয়ানাৰ ক’ত ক’ত গৈছে ?
টিকট বিতৰণৰ ক্ষেত্ৰত দুৰ্নীতি হৈছে বুলি অভিযোগ উত্থাপন কৰি প্ৰাক্তন পিচিচি প্ৰমুখ্য অশোক তানৱাৰ আৰু তেওঁৰ সমৰ্থকে ছোনীয়া গান্ধীৰ বাসগৃহৰ বাহিৰত বিৰোধ প্ৰদৰ্শন কৰে ৷ ৰাহুল গান্ধীৰ ঘনিষ্ঠ বুলি কোৱা তানৱাৰ বিৰুদ্ধে হুড্ডাই ইয়াৰ পূৰ্বেও মুক্তভাৱে মন্তব্য ৰাখিছিল ৷ 2014 চনৰ পৰা ৰাজ্যিক মুৰব্বী হিচাপে কাৰ্যকৰী হৈ আছে তানৱাৰ ৷