জয়পুৰ,17 জুলাই : ইতিমধ্যে ভাইৰেল হোৱা হৰ্ছ ট্ৰেডিং সংক্ৰান্তীয় অডিঅ’ ক্লিপে খলকনি সৃষ্টি কৰিছে ৰাজস্থানৰ ৰাজনৈতিক মহলত ৷ এই অডিঅ’ ক্লিপ প্ৰকাশ পোৱাৰ এদিন পিছত অৰ্থাৎ শুকুৰবাৰে কংগ্ৰেছে দুগৰাকী বিধায়কক বহিষ্কাৰ কৰাৰ লগতে শচীন পাইলটৰ পৰা স্পষ্টীকৰণ বিচাৰিছে ৷ এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ মুখপাত্ৰ ৰণদ্বীপ সিঙ সূৰ্যেৱালাই ক্লিপটোত কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত,ভাজপা নেতা সঞ্জয় জৈন আৰু কংগ্ৰেছ বিধায়ক ভংবৰলাল শৰ্মাক মূলতঃ বিধায়কক ঘোচ প্ৰদান কৰাৰ লগতে অশোক গেহলট নেতৃত্বাধীন চৰকাৰক অৱনমিত কৰাৰ সম্পৰ্কে প্ৰকাশ পোৱাৰ দাবী উত্থাপন কৰে ৷
সূৰ্যেৱালাই ৰাজস্থান চৰকাৰ আৰু স্পেচিয়েল অপাৰেচন গ্ৰুপৰ তৰফৰ পৰা এজাহাৰ দাখিলৰ লগতে দোষীক কৰায়ত্ত কৰিবলৈ দাবী উত্থাপন কৰিছে ৷ ইয়াৰোপৰি সূৰ্যেৱালাই দলটোৰ প্ৰাথমিক সদস্যতা পদৰ পৰা বিধায়ক ভংবৰলাল শৰ্মা আৰু বিশ্বেদ্ৰ সিঙক বহিস্কাৰ কৰি এক জাননী জাৰি কৰাৰ কথা প্ৰকাশ কৰে ৷
লগতে চাওকঃ দুদিনীয়া কাৰ্যসূচীৰে লেহত উপস্থিত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং