ETV Bharat / bharat

ৰাজস্থান কংগ্ৰেছে প্ৰকাশ কৰিলে বিজেপিৰ হৰ্ছ ট্ৰেডিঙৰ অডিঅ’

বৃহস্পতিবাৰে কংগ্ৰেছ দলে তিনিটাকৈ "হৰ্ছ ট্ৰেডিঙ" ৰ বাৰ্তালাপৰ অডিঅ’ ক্লিপ মুকলি কৰিছে ৷ য’ত কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত আৰু শচীন পাইলটৰ শিবিৰৰ এগৰাকী বিধায়কৰ মাজত হোৱা বাৰ্তালাপ প্ৰকাশিত হৈছে ৷ এই কথোপকথনত জড়িত আছিল জয়পুৰ নিবাসী এগৰাকী মধ্যস্থতাকাৰী ৷

author img

By

Published : Jul 17, 2020, 12:39 PM IST

Cong shares clips of alleged horse trading talks between BJP rebels Etv Bharat news
বিজেপিৰ হৰ্ছ ট্ৰেডিঙৰ অডিঅ’ প্ৰকাশ

জয়পুৰ,17 জুলাই: ৰাজস্থানৰ ৰাজনৈতিক অচলাৱস্থাৰ মাজতে বৃহস্পতিবাৰে কংগ্ৰেছ দলে তিনিটাকৈ "হৰ্ছ ট্ৰেডিঙ" সংক্ৰান্তীয় বাৰ্তালাপৰ অডিঅ’ ক্লিপ মুকলি কৰিছে ৷ য’ত কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত আৰু শচীন পাইলটৰ শিবিৰৰ এগৰাকী বিধায়কৰ মাজত হোৱা বাৰ্তালাপ প্ৰকাশিত হৈছে হৈছে ৷ এই কথোপকথনত জড়িত আছিল জয়পুৰ নিবাসী এগৰাকী মধ্যস্থতাকাৰী ৷ মুখ্যমন্ত্ৰী অশোক সিং গেহলটে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা সদৰী কৰি এই বাৰ্তালাপ বিজেপি দলৰ শ্বেখাৱত আৰু পাইলটৰ একান্ত বিশ্বাসী ভংবৰলাল শৰ্মাৰ মাজত হোৱা বুলি দাবী উত্থাপন কৰিছে ৷

গেহলটৰ পক্ষৰ লোকসকলে দাবী কৰা অনুসৰি, শ্বেখাৱতে জয়পুৰ নিবাসী সঞ্জয় জৈন নামৰ এগৰাকী লোকৰ মধ্যস্থতাকাৰীৰ জৰিয়তে ভংবৰলাল শৰ্মাৰ সৈতে সংযুক্ত আছিল ৷ অডিঅ’টোত প্ৰায় 30গৰাকী বিধায়কক নিজৰ পক্ষলৈ অনাৰ বিষয়ে নিৰ্ধাৰিত কৌশল সম্পৰ্কে প্ৰকাশ পাইছে ৷ ক্লিপিঙটোত ইয়াকো প্ৰকাশ কৰা হৈছে যে,এই সিদ্ধান্তই গেহলট চৰকাৰত পৰিৱৰ্তন সূচনা কৰিব ৷

ক্লিপিঙটোত উল্লেখিত অনুসৰি, শৰ্মা আৰু অন্যান্য বিধায়কসকল হোটেলত প্ৰায় 8-10 দিন থকা উচিত ৷ অন্য এক ক্লিপিঙত ভংবৰলাল শৰ্মাই সঞ্জয় জৈনক গৰিষ্ঠসংখ্যক সদস্যৰ নিৰ্বাচনৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বুলি প্ৰেছ বিজ্ঞপ্তিযোগে উল্লেখ কৰিছে ৷

লগতে চাওকঃ নিযুক্তি কেলেংকাৰী : কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন কুমাৰ বাঞ্চালক জেৰা ইডিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.