নতুন দিল্লী, ২৭ জুনঃ সংসদত কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । লোকসভা নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়ক সন্দেহ কৰি কংগ্ৰেছে দেশৰ ভোটাৰসকলক অপমান কৰিছে । ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যৰে কৰা এক বক্তব্যত ৰাজ্যসভাত এই কথা প্ৰকাশ কৰে মোডীয়ে ।
কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বিজেপিৰ জয়ক লৈ সন্দেহ প্ৰকাশ কৰাৰ বাবে কংগ্ৰেছ মানে দেশ, দেশ মানে কংগ্ৰেছ নেকি বুলি প্ৰশ্ন উত্থাপন কৰে মোডীয়ে । লগতে, ৱায়নাড় আৰু ৰায়বেৰেলী সমষ্টিত কংগ্ৰেছৰ জয়ো দেশৰ বাবে পৰাজয় বুলিও ক্ষোভ ব্যক্ত কৰে মোডীয়ে । কংগ্ৰেছে প্ৰায়েই ইভিএম সন্দৰ্ভত কৰা মন্তব্যসমূহকলৈও ক্ষোভিত হৈ মোডীয়ে কয় যে কংগ্ৰেছে ইভিএম বিসংগতিৰ কথা কৈ বিজেপিক আক্ৰমণ কৰাৰ লগতে ভাৰতৰ জনাদেশক অপমান কৰিছে ।