ETV Bharat / bharat

কইম্বাটোৰত শ্ৰমিক ৰে'ল বিচাৰি ভিৰ কৰিছে বহু শ্ৰমিকে

author img

By

Published : May 20, 2020, 4:19 PM IST

লক ডাউনত আবদ্ধ হৈ থকা একাংশ শ্ৰমিকে ঘৰলৈ যাবলৈ শ্ৰমিক ৰেলৰ অনুমতি পোৱাৰ আশাত কইম্বাটোৰৰ সুন্দৰপুৰম এলেকাত বহু শ্ৰমিক একত্ৰিত হয় । এই শ্ৰমিক সকলৰ বহুতেই পৰিধান কৰা নাছিল মাস্ক, লগতে মনা নাছিল কোনো সামাজিক দূৰত্ব ।

Breaking News

নিউজ ডেস্ক, 20 মে': লক ডাউনৰ ফলত আবদ্ধ হৈ থকা শতাধিক শ্ৰমিকে নিজ ঘৰলৈ যাবলৈ শ্ৰমিক ৰে'ল পোৱাৰ আশাৰে ভিৰ কৰে কইম্বাটোৰৰ সুন্দৰপুৰম এলেকাত । বুধবাৰে সংঘটিত হয় এই ঘটনা ।

এলেকাটোত ভিৰ কৰা বহু শ্ৰমিকে মাস্ক পৰিধান কৰা নাছিল আৰু লগতে সামাজিক দূৰত্ব কোনেও ৰখা নাছিল ।

উল্লেখ্য যে, মঙলবাৰে চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত 21 লাখ শ্ৰমিকক 1,595 খন বিশেষ "শ্ৰমিক" ৰে'লেৰে নিজ নিজ গৃহভূমিলৈ কঢ়িয়াই নিছে ।

ভাৰতীয় ৰে'লৱেয়ে আন ৰাজ্য সমূহত আবদ্ধ হৈ থকা শ্ৰমিক সকলক উদ্ধাৰ কৰি নিজ নিজ ৰাজ্যলৈ উভতাই নিয়াৰ বাবে দ্বিতীয় প্ৰৰ্যায়ৰ লক ডাউনৰ শেষৰ ফালে বিশেষ শ্ৰমিক ৰে'লৰ ব্যৱস্থা কৰিছিল । এই সমূহ ৰে'লত শ্ৰমিকৰ লগতে আবদ্ধ হৈ থকা দৰ্শনাৰ্থী, ছাত্ৰ আৰু মহিলা সকলকো নিয়া হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.