ETV Bharat / bharat

যোগী আদিত্যনাথে মুকলি কৰিলে বিদ্যুতৰ ২৮টা চাব-ষ্টেচন - video conferencing

শনিবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে এক ভিডিঅ' কনফাৰেন্স যোগে মুকলি কৰিলে উত্তৰ প্ৰদেশ পাৱাৰ ট্ৰাঞ্চমিশ্যন (UPPTCL)ৰ ২৮টাকৈ চাব-ষ্টেচন। ভিডিঅ' কনফাৰেন্স যোগে হোৱা এই উদ্ঘাটন কাৰ্যসূচীত দিয়া ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথাও উল্লেখ কৰিলে যে,ৰাজ্যৰ প্ৰতিগৰাকী ব্যক্তিৰ ঘৰলৈ বিদ্যুতৰ বিতৰণ সুনিশ্চিত কৰিবৰ বাবে বিদ্যুৎ বিভাগে এক সু-পৰিকল্পনাৰে কাম কৰি গৈছে।

CM Yogi inaugurates 28 sub-stations of UPPTCL
যোগী আদিত্যনাথে মুকলি কৰিলে বিদ্যুতৰ ২৮টা চাব-ষ্টেচন
author img

By

Published : Jun 6, 2020, 6:29 PM IST

নিউজ ডেস্ক,৬ জুন: শনিবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে এক ভিডিঅ' কনফাৰেন্স যোগে মুকলি কৰিলে উত্তৰ প্ৰদেশ পাৱাৰ ট্ৰাঞ্চমিশ্যন (UPPTCL)ৰ ২৮টাকৈ চাব-ষ্টেচন। মুকলি অনুস্থানত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উল্লেখ কৰে যে উত্তৰ প্ৰদেশ চৰকাৰৰ বিদ্যু্ৎ বিভাগে যোৱাটো বৰ্ষত এক সুন্দৰ কাৰ্যসূচীৰে কাম কৰি জনসাধাৰণৰ মাজত বিশ্বাস যোগ্যতা আনিবলৈ সক্ষম হৈছে। তাৰোপৰি মহামাৰী ক'ৰণাৰ বাবে হোৱা লক ডাউনৰ সময়তো ৰাজ্যত বিদ্যুতৰ সৰবৰাহ আৰু যোগান নিশ্চিত কৰি বিদ্যুৎ বিভাগে এক সুন্দৰ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে।

ভিডিঅ' কন্ফাৰেঞ্চ যোগে হোৱা এই উদ্ঘাটন কাৰ্যসূচীত দিয়া ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথাও উল্লেখ কৰিলে যে,ৰাজ্যৰ প্ৰতিগৰাকী ব্যক্তিৰ ঘৰলৈ বিদ্যুতৰ বিতৰণ সুনিশ্চিত কৰিবৰ বাবে বিদ্যুৎ বিভাগে এক সু-পৰিকল্পনাৰে কাম কৰি গৈছে। ৰাজ্যখনৰ জিলা সদৰ সমূহত ২৩ৰ পৰা ২৪ ঘণ্টা, মহকুমা সদৰত ২০ৰ পৰা ২১ ঘণ্টা আৰু ১৭ৰ পৰা ১৮ ঘণ্টালৈ গ্ৰামাঞ্চলকে ধৰি বুলেন্দখণ্ড অঞ্চলত ২০ৰ পৰা ২১ ঘণ্টা পৰ্যন্ত বিদ্যুতৰ যোগান ধৰি অহা হৈছে ।

যদিও এয়া দেশৰ প্ৰধানমন্ত্ৰীৰ সংকল্প আছিল,যাৰ দ্বাৰা সকলোতে বিদ্যুৎ যোগানৰ বাবে উত্তৰ প্ৰদেশ পাৱাৰ ট্ৰাঞ্চমিশ্যন(UPPTCL)ৰ দ্বাৰা ৰাজ্যৰ প্ৰতিঘৰ উজ্বলাই তোলাৰ বাবে এটা লক্ষ্য আছিল,এইদৰে ব্যক্ত কৰিলে যোগী আদিত্যনাথে।

লগতে উল্লেখ কৰিলে,এক কোটি ২৪ লাখতকৈ অধিক পৰিয়াল,যি স্বাধীনতাৰ পাছতো বিজুলী সম্পৰ্কে জ্ঞাতই নহৈছিল, সেই সকলক বিনামূলীয়াকৈ বিদ্যুতৰ যোগানেৰে তেওঁলোকৰ ঘৰসমূহ উজ্বলাই তোলাৰ বাবে কাম কৰি যোৱা হৈছে আৰু "প্ৰতিঘৰৰ বাবে বিদ্যুৎ" আঁচনিৰ জৰিয়তে সকলোকে ২৪ঘণ্টাকৈ বিদ্যুৎ যোগান ধৰাৰ বাবে প্ৰয়াস কৰা হৈছে।

লগতে চাওকঃ ধুবুৰীত চিকিৎসক,নাৰ্চ,চাফাইকৰ্মীসহ 11 গৰাকীক কোৱাৰেণ্টাইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.