নিউজ ডেস্ক, ১৩ জুনঃ বিজেপিৰ মুখপাত্ৰ কৃষ্ণ সাগৰ ৰাওে গান্ধী হাস্পতালৰ প্ৰতিবাদ সাব্যস্ত কৰা কনিষ্ঠ চিকিৎসসকলক সম্পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি সদৰি কৰে । লগতে তেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাওক চিকিৎসক সকলৰ দুৰ্দশা প্ৰতি নজৰ দিবলৈ আহ্বান জনাই মুখপাত্ৰ গৰাকীয়ে ।
কৃষ্ণ সাগৰ ৰাওে কয় যে, বিজেপিয়ে গান্ধী হাস্পতালত বিগত তিনি দিনৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি অহা চিকিৎসকসকলক সম্পৰ্ণৰূপে সমৰ্থন আগবঢ়াব । তেখেতসকৰ দাবী সম্পূৰ্ণ যুক্তিপূৰ্ণ । যাৰ বাবে ৰাজ্য চৰকাৰেও তৎকালীনভাৱে ইয়াৰ প্ৰতি সহায় আগবঢ়াব লাগে ।
তাৰোপৰি বিজেপিয়ে তেলেংগানাৰ মুখ্য়মন্ত্ৰী চন্দ্ৰশেখৰ ৰাওক গান্ধী হাস্পতালৰ চিকিৎসকসকলৰ বিষয় সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰাৰ উপৰিও মহামাৰী COVID-19ৰ ৰোগীসকলক গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনাই ।