ETV Bharat / bharat

বহিঃ বিশ্বৰ পৰা বিচ্ছিন্ন অৰুণাচল প্ৰদেশ

author img

By

Published : Jul 9, 2019, 8:05 PM IST

Updated : Jul 9, 2019, 8:11 PM IST

সোমবাৰে বিয়লি ভাগত অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত সংঘটিত হয় এক ভয়ংকৰ ডাৱৰ বিস্ফোৰণ ৷ বিস্ফোৰণৰ ফলত ৰাজ্যখনৰ বহুকেইটা পথ; বিশেষকৈ সামৰিক বাহিনীৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত বহুকেইটা পথেৰে যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে ৷ বৰ্তমানে অঞ্চলটোত বৰ্ডাৰ ৰ'ডছ অৰ্গেনাইজেশ্বনে ক্ষীপ্ৰতাৰে পুনৰঃনিৰ্মাণৰ কাম আৰু আইটিবিপিকে ধৰি স্থলসেনা আৰু দুৰ্যোগ প্ৰশমন বাহিনীয়ে উদ্ধাৰ কাৰ্য অব্যাহত ৰখাৰ

অৰুণাচল ডাৱৰ বিস্ফোৰণঃ সকলোফালৰ পৰা ব্যাহত পথ যোগাযোগ ব্যৱস্থা

তেজপুৰ, 9 জুলাইঃ অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত সংঘটিত হোৱা ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলত অঞ্চলটোত ব্যাহত হৈ পৰিছে যোগাযোগৰ সকলো মাধ্যম ৷ জিলাখনৰ অতিৰিক্ত উপায়ুক্ত কাচাং ৱাংদাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰীলৈ ঘটনা সম্পৰ্কে জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছে ৷

ইতিমধ্যে ডাৱৰ বিস্ফোৰণৰ ফলত তেজপুৰৰ পৰা টাৱাঙলৈ যোৱা 211 ৰাষ্ট্ৰীয় ঘাইপথ, চেৰগাঁৱ কালেটাং হৈ ৰূপা সংযোগী পথ, ভালুকপুং-ব'মডিলা-চাৰিদুৱাৰ পথত অব্যাহত আছে ভূ-স্খলন, অৱশ্যে ব'মডিলা আৰু টাৱাঙৰ মাজত যোগাযোগ অব্যাহত আছে ৷

অৰুণাচল ডাৱৰ বিস্ফোৰণঃ সকলোফালৰ পৰা ব্যাহত পথ যোগাযোগ ব্যৱস্থা

ডাৱৰ বিস্ফোৰণৰ ফলত আৱদ্ধ 100 ৰো অধিক যানবাহনকে ধৰি বহুসংখ্যক যাত্ৰী ৷ ঘটনাৰ পিচৰে পৰাই 2গৰাকী ব্যক্তি নিৰুদ্দিষ্ট হৈ থকাৰ লগতে 110টা পৰিয়ালক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে ৷ বিগত তিনিদিন ধৰি ৰাজ্যখনত হোৱা প্ৰৱল বৰষুণৰ ফলতেই এই ঘটনা সংঘটিত হয় ৷ বৰ্তমানে জিলা প্ৰশাসনৰ তৰফৰ পৰা উক্ত স্থানত যান-বাহনৰ চলাচল নিষেধ কৰি ৰখা হৈছে ৷ ৰাজ্য চৰকাৰে সেনাবাহিনীৰ লগতে বৰ্ডাৰ ৰডছ অৰ্গেনাইজেশ্বনক অত্যধিক লোক নিয়োগ কৰি উদ্ধাৰকাৰ্যৰ লগতে পুনঃনিৰ্মাণকাৰ্য ক্ষীপ্ৰ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷

Intro:Mark in pix EXCLUSIVE

অৰুনাচল প্দেশৰ পশ্চিম কামেংত ডাৱৰ বিস্ফোৰন , ২ নিৰুদ্দেশ , ১১০ টা পৰিয়ালক সুৰক্ষিত স্থানলৈ স্থানান্তৰ

তেজপুৰ,৯ জুলাই : অৰুনাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ নাগ মন্দিৰৰ সমীপত ডাৱৰ বিস্ফোৰন ফলত ভয়ংকৰ ভূমিস্খলন সংঘটিতৰ পিছত যোগাযোগ বিচ্ছিন্ন পাহাৰীয়া জিলাখনত ৷
ডাৱৰ বিস্ফোৰনৰ তথ্য জিলা প্ৰশাসনৰ এটা কাল্ভাট , এখন হোটেল আৰু কেইবাটাও ঘৰ নিমিষতে উটুৱাই নিলে পাহাৰীয়া নৈৰ সোঁতে ৷ দুজন লোক সন্ধানহীন ৷ সোমবাৰে বিয়লি ৫ বজাত সংঘটিত হৈছিল এই ভয়াবহ দুৰ্ঘটনা ৷
চেচা আৰু ৰুপাৰ মাজত ৬৪ কিঃ মিঃ পথত আৱদ্ধ ১০০ অধিক যান বাহন , পৰ্যটকৰ বাহন ৷
জিলা প্ৰশাসনে নিসিদ্ধ কৰিলে যান বাহনৰ চলাচল ৷

Body:২১১ নং ৰাষ্টীয় ঘাই পথটো ভাৰত চীন সীমান্তবৰ্তী টাৱাং সংযোগী ৷ সুৰক্ষা বাহিনীৰ এক মাত্ৰ পথ তেজপুৰৰ পৰা টাৱাংলৈ ৷আনহাতে চেৰগাও কালেটাং হৈ ৰুপা সংযোগী পথতো ভূমি স্খলনৰ বাবে যোৱা কালিৰে পৰা বন্ধ হৈ আছে যদিও ব'মডিলা টাৱাংৰ মাজত যোগাযোগ অব্যাহত আছে ৷
অতিৰিক্ত উপায়ুক্ত কাচাং ৱাংদাই অৰুনাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুলৈ এক জৰুৰী বাৰ্টাত জনায় যে কেচাপি অঞ্চলত নাগ মন্দিৰৰ সমীপত ডাৱৰ বিস্ফোৰন হোৱাৰ ফলত এগৰাকী ২৩ বছৰীয়া মহিলা নিৰুদ্দেশ হয় আৰু তোওঁৰ পতি আঘাটপ্ৰাপ্ত হয় ৷ এখন হোটেল, আৰু কেবাটাও ঘৰ ডাৱৰ বিস্ফোৰনৰ ফলত হোৱা ভূমি স্খলনত ধ্বংস হয় ৷ আনহাতে ১১০ গৰাকী লোক ১১ টা ঘৰৰ পাহাৰৰ নামনি অঞ্চলৰ পৰা সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰে ৷ বৰ্তমান ভলুকপুং -চাৰিদুৱাৰ- ব'মডিলাৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ আছে ৷
আনহাতে দুটা আৱাসিক ছাত্ৰ -ছাত্ৰী আৱাসৰ প্ৰায় ৮০ জন ছাত্ৰ ছাত্ৰীক আৱাস কেইটা ক্ষতিহোৱাৰ ফলত সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰে ৷
বি আৰ অ ক নিৰ্দেশ যাৰি কৰিছে অধিক লোকক নিয়োগ কৰি পথ মুকলি কৰিবৰ বাবে ৷
যোৱা তিনি দিন ধৰি নেৰা নেপেৰা বৰষুনৰ ফলত পাহাৰীয়া নৈৰ জলপ্ৰপাত বৃদ্ধি পাইছে ৷ ভুমিস্খলনৰ ফলত কেবাটাও ঘৰ ধ্বংস হোৱাৰ লগতে যান বাহনো ধ্বংস হয় ৷

Conclusion:স্থানীয় লোকৰ মতে দাহোঙৰ কাষত থকা আন এটা কাল্ভাৰ্ট পানীয়ে উটুৱাই নিয়াৰ আশংকা ৷
ভালুকপংৰ বিধায়ক খুমচি চিদ্দিচ'য়ে জনায় জে ভালুকপং চাৰিদুৱাৰ আৰু ব'মডিলাৰ মাজত সম্পূৰ্ন যোগাযোগ বিচ্ছিন্ন হৈ আছে , আৰু ২ জন লোক নিৰুদ্দেশ হৈছে ৷

জিলা প্ৰশাসনৰ লোক বহু ঠাইত উপস্থিত হব পৰা নাই যদিও চেষ্টা অব্যাহত ৰাখিছে ৷ জিলা প্ৰশাসনৰ নিৰ্দেশ কোনো যান বাহন উক্ত পথৰে চলাচল নকৰিবলৈ পথ মুকলি নকৰা পৰ্যন্ত ৷
উল্লেখযোগ্য যে ২০১৭ চনত ভালুকপংৰ টিপিত ভূমিস্খলনৰ ফলত চৰকাৰী ডাক বঙলা ধ্বংস পাপ্ত হৈছিল আৰু কেইবাজনো লোক নিহত হৈছিল ৷

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
৯/৭/১৯

.
Last Updated : Jul 9, 2019, 8:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.