ETV Bharat / bharat

দীৰ্ঘদিনীয়া বকেয়া মুকলিৰ দাবী এয়াৰ ইণ্ডিয়া পাইলটৰ - কৰ'ণা মহামাৰী

8 জুলাইত আয়োজন কৰা এক বৈঠকত এয়াৰ ইণ্ডিয়া পাইলট সংগঠনে অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়লৈ কিছু অনুৰোধ প্ৰদান কৰিছে ৷

8 জুলাইত অনুষ্ঠিত বৈঠকত বিভিন্ন সিদ্ধান্ত গ্ৰহণ
দীৰ্ঘদিনীয়া বকেয়া মুকলিৰ দাবী এয়াৰ ইণ্ডিয়া পাইলটৰ
author img

By

Published : Jul 10, 2020, 12:03 PM IST

নেশ্যনেল ডেস্ক, 10 জুলাই : ভাৰতৰ বাণিজ্যিক পাইলট সংগঠনে অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ৰ (MoCA) বিষয়াক শীঘ্ৰে দীৰ্ঘদিনীয়া বকেয়া ধন মুকলি আৰু তৎকালীনভাৱে প্ৰয়োগ হোৱাকৈ এয়াৰ ইণ্ডিয়াৰ পৰা পাইলটসকলক যোৱাৰ অনুমতি দিবলৈ অনুৰোধ জনায় ৷ 8 জুলাইত অনুষ্ঠিত এই বৈঠকত অংশগ্ৰহণ কৰিছিল ইণ্ডিয়ান পাইলট গীল্ড, MoCA ৰ বিষয়ববীয়া আৰু CMD ৷

পাইলট সংগঠনটোৱে কয়,"কৰ'ণা মহামাৰীয়ে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে এয়াৰ ইণ্ডিয়াৰ যুঁজাৰুসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বাবে আমি অসন্তুষ্ট হৈছো ৷ কিন্তু, আমাৰ CMD ক আমি সমৰ্থন জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ সেই অনুসৰি, সকলোৰে দৰমহাৰ পৰা এটা শতাংশ কৰ্তনৰ জৰিয়তে এয়াৰ ইণ্ডিয়াৰ বোজা কিছু পৰিমাণে হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷"

প্ৰতিমাহে বিনা কোনো চৰ্তৰে বাধ্যতামূলক চুটীৰো ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় বৈঠকত ৷ বৰ্ডৰ অধীনস্থ সকলো পাইলটকে বজাৰৰ নিয়মাৱলী অনুসৰি ইয়াৰ অধীনত সাঙুৰি লোৱা উচিত ৷

দ্বিতীয়তে, পূৰ্বৰ চৰ্তটো গ্ৰহণ কৰিবলৈ সম্ভৱ নহ'লে MoCA য়ে দীৰ্ঘদিনীয়া 25 শতাংশ বকেয়া ধন অতি সোনকালে মুকলি কৰি দিয়া উচিত আৰু তৎকালীনভাৱে প্ৰয়োগ হোৱাকৈ এয়াৰ ইণ্ডিয়াৰ পৰা পাইলটসকলক যোৱাৰ অনুমতি দিয়া উচিত ৷

উল্লেখ্য যে, 13 জুলাইত আন এখন বৈঠকৰ আয়োজন কৰাৰ কথা জানিবলৈ দিয়ে সংগঠনে ৷

লগতে পঢ়ক : আৰক্ষীৰ গুলীত মৃত্যু গেংষ্টাৰ বিকাশ ডুবেৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.