ETV Bharat / bharat

পুলৱামাত উগ্ৰপন্থীয়ে হত্যা কৰিলে স্থানীয় নাগৰিকক - গুৰুতৰ

জম্মু কাশ্মীৰৰ পুলৱামা জিলাত এজন ৪০ বছৰীয়া স্থানীয় নাগৰিকক হত্যা। পুলৱামাৰ কংগন জিলাৰ বাসিন্দা আজাদ আহমেদ ডাৰ নামৰ লোকজনক শনিবাৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি উগ্ৰপন্থীয়ে হত্যা কৰিলে ।

Civilian shot dead by militants in Pulwama: Police
পোলবামাত উগ্ৰপন্থীয়ে হত্যা কৰিলে এজন স্থানীয় নাগৰিকক
author img

By

Published : Aug 16, 2020, 4:18 PM IST

নিউজ ডেস্ক, ১৬আগষ্ট: আৰক্ষী সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, শনিবাৰে নিশা জম্মু কাশ্মীৰৰ পুলৱামা জিলাত উগ্ৰপন্থীৰ এটা দলে এগৰাকী স্থানীয় নাগৰিকক হত্যা কৰে ।

এগৰাকী আৰক্ষী বিষয়াই উল্লেখ কৰা মতে, পুলৱামা জিলাৰ দাদুৰা কংগন অঞ্চলৰ আজাদ আহমেদ ডাৰ নামৰ ৪০ বছৰীয়া স্থানীয় ব্যক্তি জনক নিজ গৃহতেই উগ্ৰপন্থীৰ দলে নিশা প্ৰায় ৯:৪০ বজাত গুলিয়াই গুৰুতৰভাৱে আহত কৰিছিল ।

পোলবামাত উগ্ৰপন্থীয়ে হত্যা কৰিলে এজন স্থানীয় নাগৰিকক

গুৰুতৰ ভাৱে আঘাটপ্ৰাপ্ত লোকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হৈছিল যদিও পথতে মৃত্যু সাবতি ললে লোকজনে । উগ্ৰপন্থীয়ে আজাদ আহমেদ ডাৰক কিয় আক্ৰমণৰ লক্ষ্য কৰি ল'লে সেয়া এতিয়াও জানিব পৰা নাই আৰক্ষীয়ে ।

ইতিমধ্যে ঘটনা স্থলীলৈ প্ৰেৰণ কৰা হৈছে নিৰাপত্তা বাহিনীৰ অতিৰিক্ত এটা দল । নিৰাপত্তা বাহিনীৰ দলটোৱে উগ্ৰপন্থীৰ সন্ধানত সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি আৰম্ভ কৰিছে অভিযান ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.