নতুন দিল্লী, 13 মাৰ্চ : দেশৰ সকলো বিমান কোম্পানীৰ কৰ্তৃপক্ষৰ সৈতে অসামৰিক বিমান পৰিবহণ বিভাগৰ সচিবৰ জৰুৰীকালীন সভা । ভাৰতত মঙলবাৰে সাময়িকভাৱে বোয়িং 737 মেক্স বিমানৰ সেৱা বাতিল কৰা সন্দৰ্ভত বৈঠকৰ আহ্বান বিভাগটোৰ । বিমানসমূহৰ সুৰক্ষা ব্যৱস্থাৰ সম্পূৰ্ণৰূপে পৰীক্ষা নোহোৱা পৰ্যন্ত বিমানসমূহৰ সেৱা স্থগিত ৰাখিব বুলি প্ৰকাশ।
বিভাগটোৰ সচিব প্ৰদীপ সিং খাৰ'লাই প্ৰকাশ কৰে যে বোয়িং 737 মেক্স বিমানৰ সেৱা বাতিলৰ পাচত যাত্ৰীৰ সকলৰ অসুবিধা হ্ৰাসৰ বাবে কোম্পানীসমূহে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কত বৈঠকত আলোচনা কৰা হয় ।দেওবাৰে এখন ইথিউপিয়ান বিমান দুৰ্ঘটনাত পতিত হৈ 157 জন লোকৰ মৃত্যু হোৱাৰ পাচতে অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে সাময়িকভাৱে বোয়িং 737 মেক্স বিমানসমূহৰ সেৱা বাতিল কৰে ।