নিউজ ডেস্ক , ১৭ জনুৱাৰী : বিজয় মালিয়া সন্দৰ্ভত কেন্দ্ৰীয় তথ্য় আয়োগৰ বিশেষ নিৰ্দেশনা চিবিআইক । চিবিআইয়ে ২০১৫ ৰ অক্টোবৰ আৰু নৱেম্বৰত ৯ হাজাৰ কোটি টকাৰ ঋণ পৰিশোধ নকৰা অভিযুক্ত বিজয় মালিয়াৰ বিৰুদ্ধে থকা দুটা বেলেগ বেলেগ লুক আউট চাৰ্কোলৰ ক্ষেত্ৰত নিয়ন উধৃত কৰাৰ বাবে নিৰ্দেশ দিছে । বিহাৰ এজন আৰটিআই কৰ্মীয়ে তথ্য় জনাৰ অধিকাৰ আইনৰ জৰিয়তে এই লুক আউট সন্দৰ্ভত তথ্য় বিচাৰিছিল চিবিআইৰ পৰা । কিন্তু এই তথ্য় দিবলৈ অস্বীকাৰ কৰাত চিবিআইক হুইপ জাৰি কৰে কেন্দ্ৰীয় তথ্য় আয়োগে । লগতে তথ্য় আয়োগৰ অধ্য়ক্ষই চিবিআইক এলওচি সন্দৰ্ভত থকা সকলো নীতি নিৰ্দেশনা দিবলৈও আহ্বান জনায় । বিহাৰৰ আৰটিআই কৰ্মী দুৰ্বেক সংস্থাটোৱে তথ্য় জনাৰ অধিকাৰ আইন ৮(১)ৰ অধীনত তথ্য় দিয়াৰ পৰা বিৰত থকা বুলি কোৱাৰ পিছতে তথ্য় আয়োগৰ অধ্য়ক্ষ গৰাকীয়ে সংস্থাটোক কিহৰ ভিত্তিত এই ঘটনা তথ্য় জনাৰ অধিকাৰ আইন ৮(১)ৰ অধীনত পৰে বুলিও প্ৰশ্ন কৰে ।
উল্লেখ যে সংস্থাটোৱে প্ৰথমখন লুক আউট চাৰ্কুলাৰ ২০১৫ চনৰ ১২ অক্টোবৰত জাৰি কৰিছিল কিন্তু ইয়াৰ পূৰ্বেই মালিয়া বিদেশলৈ ৰাওনা হৈছিল । বিমানবন্দৰ কৰ্তৃপক্ষক ইয়াৰ জৰিয়তে কোৱা হৈছিল যে যদি দেশ এৰাৰ চেষ্টা কৰে বা তেওঁ স্বদেশলৈ আহে তেনেহলে তেওঁক আটক কৰিব লাগে । ২০১৫ চনৰ শেষ সপ্তাহত চিবিআইয়ে বিজয় মালিয়াৰ বিৰুদ্ধে আন এখন এলওচি জাৰি কৰিছিল , যাৰ জৰিয়তে দেশজুৰি বিমানবন্দৰ কৰ্তৃপক্ষক মালিয়াৰ গতিবিধি নিৰীক্ষণ কথা কোৱা হৈছিল ৷
লগতে পঢ়ক : ৰাজস্থানত মহিলাক আক্ৰমণ কৰি দুৰ্বৃত্তই জ্বাললে ঘৰ