নেচনেল ডেস্ক, 2 জানুৱাৰী: বিজেপি নেতা মনীষ শুক্লাৰ হত্যাৰে জড়িত থকাৰ অভিযোগত পশ্চিম বংগৰ চিআইডিয়ে চাৰ্জশ্বিটত 10 গৰাকী ব্যক্তিৰ নাম উল্লেখ কৰিছে ৷ শুকুৰবাৰে আবেলি বেৰকপুৰ আদালতত চিআইডিয়ে এই চাৰ্জশ্বিট দাখিল কৰে ৷
শুক্লাৰ মৃত্যুৰ 87 দিন পাছত ষ্টেট ইনভেচটিগেটিঙ এজেন্সি (এচআইএ) য়ে দাখিল কৰা চাৰ্জশ্বিটত 12 গৰাকী লোকৰ নাম উল্লেখ কৰা হৈছে ৷ যিসকলৰ ভিতৰত বেৰকপুৰ আৰু তিতাগড়ৰ দুগৰাকী তৃণমূল কংগ্ৰেছ কৰ্মীৰ নাম অন্তৰ্ভুক্ত হৈ আছে ৷
এচ আই এৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে যে যদিহে এই 12 গৰাকী সন্দেহজনক ব্যক্তি হত্যাকাণ্ডত জড়িত থকাটো প্ৰমাণ হয়, তেন্তে তেওঁলোকে পাছত এখন পৰিপূৰক চাৰ্জশ্বিট দাখিল কৰিব ৷
ইতিমধ্যে এই হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত চিআইডিয়ে 10 গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰিছে ৷
বেৰকপুৰৰ বিজেপি ৰ সাংসদ অৰ্জুন সিঙৰ ঘনিষ্ঠ সহযোগী মনীষ শুক্লাক এবছৰ পূৰ্বে মটৰচাইকেলত অহা দুৰ্বৃত্তই গুলিয়াই হত্যা কৰিছিল ৷ বিগত বৰ্ষৰ 4 অক্টোবৰ তাৰিখে তিতাগড়ৰ দলীয় কাৰ্যালয়ৰ সন্মুখত শুক্লাক গুলিয়াই হত্যা কৰিছিল ৷
লগতে পঢ়ক: চি আৰ পি এফ কেম্প আক্ৰমণৰ বিৰুদ্ধে NIA ৰ চাৰ্জশ্বীট দাখিল