ETV Bharat / bharat

মধ্য প্ৰদেশত মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ মৌন প্ৰতিবাদ - কমল নাথ

কমল নাথৰ এই মন্তব্য়ৰ বিৰুদ্ধে বিজেপি দলে নিৰ্বাচনী আয়োগৰ ওচৰত অভিযোগ দাখিল কৰে আৰু কমল নাথৰ নিৰ্বাচনী প্ৰচাৰত সীমাবদ্ধতা আৰোপ কৰাৰ দাবী জনায় ৷

Chouhan, Scindia observe silent protest against Kamal Nath's 'item' remark
মধ্য প্ৰদেশত মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ মৌন প্ৰতিবাদ
author img

By

Published : Oct 19, 2020, 8:18 PM IST

মধ্য প্ৰদেশ, 19 অক্টোবৰ : মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে দেওবাৰে গোৱালিয়ৰৰ এখন নিৰ্বাচনী সভাত বিজেপি নেত্ৰী ইমৰতী দেৱীক "আইটেম" বুলি কৰা মন্তব্যৰ প্ৰতিবাদত সোমবাৰে বিজেপি নেতা,মন্ত্ৰী, বিধায়কে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মৌন প্ৰতিবাদ সাব্যস্ত কৰে ৷ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰাই প্ৰাক্তন মখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ বিৰোধিতাৰে ভূপালত দুই ঘন্টীয়া মৌন প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে জ্যোতিৰাদিত্য সিন্ধিয়াৰ নেতৃত্বত ইন্দোৰত কেইবাজনো মন্ত্ৰীয়ে পুৱা 10 বজাৰ পৰা দুই ঘন্টীয়া মৌন প্ৰতিবাদ সাব্য়স্ত কৰে ৷

গোৱালিয়ৰতো মধ্য প্ৰদেশৰ বিজেপি অধ্যক্ষ বিডি শৰ্মাৰ নেতৃত্বত দলীয় কৰ্মকৰ্তাসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজেপি নেতাসকলে প্ৰতিবাদস্থলত মিনাক্ষী নটৰাজন, হেমা মালিনী, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী, কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ইমৰতী দেৱী আৰু ভূপালৰ সাংসদ সাধৱী প্ৰজ্ঞা সিং ঠাকুৰৰ ফটো লগাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

মধ্য প্ৰদেশত মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ মৌন প্ৰতিবাদ

বিজেপি দলে কমল নাথৰ এই মন্তব্য়ৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগৰ ওচৰতো অভিযোগ দাখিল কৰে আৰু কমল নাথৰ নিৰ্বাচনী প্ৰচাৰত সীমাবদ্ধতা আৰোপ কৰাৰ দাবী জনায় ৷ আনহাতে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে দেওবাৰে কমল নাথে এই মন্তব্যৰ জড়িয়তে মধ্য প্ৰদেশৰ সকলো ভগ্নী আৰু ছোৱালী সন্তানক অপমান কৰাৰ অভিযোগ কৰে ৷ তেওঁ লগতে কয় যে, যি গৰাকী সন্তানে কংগ্ৰেছত বছৰ বছৰ ধৰি সেৱা আগবঢ়ালে, সেই গৰাকী সন্তানক কমল নাথে এনেদৰে অপমান কৰিলে ৷ মহিলাসকলৰ বাবে এনে শব্দ প্ৰয়োগ কৰাতো অতিশয় দুখৰ কথা ৷ কমল নাথে ইয়াৰ প্রায়শ্চিত্ত কৰক বা নকৰক আমি সোমবাৰে ভূপালত দুইঘন্টীয়া মৌন ব্ৰত পালন কৰি ইয়াৰ প্রায়শ্চিত্ত কৰিম ৷

লগতে পঢ়ক : দেৱেন দত্ত হত্যাকাণ্ড: 20 অক্টোবৰলৈ স্থগিত দোষীৰ শাস্তি ঘোষণাৰ দিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.