নিউজ ডেস্ক, 26 মাৰ্চঃ কৰ'ণা ভাইৰাছত আক্ৰান্ত চীনক ভাৰতে আগবঢ়োৱা সহায় সহযোগিতাৰ বাবে সেই ৰাষ্ট্ৰখনে ভাৰতক ধন্যবাদ জ্ঞাপন কৰিছে ৷ নতুন দিল্লীস্থিত চীনৰ দূতাবাসে জাৰি কৰা এক বিজ্ঞপ্তিত জি ৰঙে কয় যে,চীনৰ প্ৰতিষ্ঠান সমূহে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ভাৰতক সহায়ৰ হাত আগবঢ়াইছে ৷ "আমিও ভাৰতক এই সংকটৰ মূহুৰ্তত সহায়ৰ হাত আগবঢ়াবলৈ সকলো সময়তে সাজু আছো ৷ "
তেওঁ লগতে উল্লেখ কৰে যে, ভাৰত আৰু চীনে কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ এই সন্ধিক্ষণত যুঁজ দিয়াৰ বাবে পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে যোগাযোগ অব্যাহত ৰাখিছে ৷ চীনত ইতিমধ্যে 81 হাজাৰ লোক এই ভাইৰাছত আক্ৰান্ত হৈছে আৰু 3200ৰো অধিক লোক মৃত্যু মুখত পৰিছে ৷ ভাৰতে এই সময়ছোৱাত চীনলৈ মাস্ক, গ্লভছ, আৰু অন্যান্য সামগ্ৰীকে ধৰি মুঠ 15 টন স্বাস্থ্য সেৱা সামগ্ৰী প্ৰেৰণেৰে সহায়ৰ হাত আগবঢ়াইছে ৷ বিবৃতিখনত তেওঁ ভাৰতৰ এই সহযোগিতাৰ কথা উল্লেখ কৰি ধন্যবাদ জ্ঞাপন কৰে ৷
লগতে চাওকঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ বাবে অব্যাহত থাকিব মালবাহী ৰে'ল