ETV Bharat / bharat

কৰ্নাটকত খোৱাপানীৰ বাবে হাহাকাৰ অৱস্থা - কৰ্নাটকৰ মিথাবাগিলু গাঁৱৰ ধনুশ

কৰ্নাটকত খোৱাপানীৰ বাবে সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । লকডাউনৰ সময়ছোৱাত নিজৰ পিতৃ-মাতৃক খোৱাপানীৰ বাবে সংগ্ৰাম কৰা দেখি ১২ ফুট দ' এটা নাদ খান্দি উলিয়ায় ৬গৰাকীকৈ শিশুৱে ।

কৰ্নাটকত খোৱাপানীৰ বাবে হাহাকাৰ অৱস্থা
পিতৃ-মাতৃৰ বাবে নাদ খন্দা কিশোৰকেইজন
author img

By

Published : Apr 20, 2020, 11:00 AM IST

নিউজ ডেস্ক, ২০ এপ্ৰিলঃ সমগ্ৰ দেশতে চলি থকা লকডাউনৰ সময়ত বহুটো অসুবিধাৰ সন্মুখীন হৈছে দেশবাসীয়ে । বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত এই সমস্যা অধিক পৰিমানে পৰিলক্ষিত হৈছে । অৱশ্যে সোমবাৰৰ পৰা লকডাউনৰ নীতি-নিয়ম কিছু শিথিল কৰি দিয়া হয় । কিন্তু এতিয়াও দেশৰ বিভিন্ন প্ৰান্তত লকডাউনৰ নিয়মসমূহ ভালদৰে পালন কৰা পৰিলক্ষিত হোৱা নাই । এনে অৱস্থাত জনসাধাৰণে অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি খাদ্য আৰু খোৱাপানীৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে ।

এনে এক ঘটনাই সংঘটিত হয় কৰ্নাটকত । ৰাজ্যখনৰ মিথাবাগিলু গাঁৱত সংঘটিত হয় এই ঘটনা । গাঁৱখনৰ ধনুশ নামৰ নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰগৰাকীয়ে নিজৰ পিতৃ-মাতৃয়ে বিশুদ্ধ খোৱাপানীৰ বাবে কিদৰে সংগ্ৰাম কৰিবলগীয়া হৈছে তাক প্ৰত্যক্ষ কৰে । এই ঘটনাই কিশোৰগৰাকীৰ মনত গভীৰ সাঁচ বহুৱায় । পিতৃ-মাতৃৰ কষ্ট দেখি কিশোৰগৰাকীয়ে, পুষ্পৰাজ, প্ৰসন্ন, গুৰুৰাজ, শ্ৰেয়াছ আৰু ভৱনীশ নামৰ নিজৰ বন্ধুকেইজনৰ সৈতে লগ-লাগি পিতৃ-মাতৃৰ কষ্ট লাঘৱ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ।

পিতৃ-মাতৃৰ বাবে নাদ খন্দা কিশোৰকেইজন
পিতৃ-মাতৃৰ বাবে নাদ খন্দা কিশোৰকেইজন

সেই অনুসৰিয়ে আটাইকেইগৰাকী বন্ধুৱে লগ-লাগি বিশুদ্ধ খোৱাপানীৰ বাবে এটা ১২ ফুট দ' নাদ খান্দি উলিয়ায় । প্ৰায় চাৰিদিনৰ ভিতৰত নিজৰ ঘৰৰ কাষতে এইদৰে আটাইকেইগৰাকীয়ে লগ-লাগি খোৱাপানীৰ নাদটো খান্দি উলিয়ায় । নাদটোৰ প্ৰায় ১০ ফুটতে কিশোৰকেইজনে খোৱা পানী লাভ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, মাৰাত্মক কোভিড-১৯ত ৰাজ্যখনত এতিয়ালৈকে ৩৮৪ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১৪ গৰাকীয়ে মৃত্যুমুখত পৰে ।

লগতে পঢ়কঃ ভাড়াঘৰৰ মালিকক তিনিমাহৰ ভাড়া ৰখাই দিবলৈ আহ্বান তেলেংগানা চৰকাৰৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.