ETV Bharat / bharat

অৰুণাচল প্ৰদেশৰ বিবাদিত ভূমিত চীনৰ গাঁও নিৰ্মাণক লৈ সৰৱ কংগ্ৰেছ

অৰুণাচল প্ৰদেশৰ বিবাদিত ভূমিত চুবুৰীয়া ৰাজ্য চীনে গাঁও নিৰ্মাণ কৰা বুলি বিজেপি সাংসদ তাপীৰ গাওে অভিযোগ অনাৰ পিচতে সৰৱ হৈ পৰিছে বিৰোধী দল কংগ্ৰেছ ৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন গৃহমন্ত্ৰী পি চিদাম্বৰমে কেন্দ্ৰীয় চৰকাৰক এই সন্দৰ্ভত উত্তৰ বিচাৰে ৷

chidambaram-demands-explanation-from-govt-on-bjp-mps-claim-of-chinese-village-in-arunachal
অৰুণাচল প্ৰদেশৰ বিবাদিত ভূমিত চীনে গাঁও নিৰ্মাণ কৰাক লৈ সৰৱ বিৰোধী কংগ্ৰেছ
author img

By

Published : Jan 19, 2021, 8:01 AM IST

নিউজ ডেস্ক,19 জানুৱাৰী: অৰুণাচল প্ৰদেশৰ বিবাদিত ভূমিত চুবুৰীয়া ৰাজ্য চীনে 100টা ঘৰসহ পথ আৰু বজাৰ নিৰ্মাণ কৰা বুলি বিজেপি সাংসদ তাপীৰ গাওে অভিযোগ অনাৰ পিচতে সৰৱ হৈ পৰিছে বিৰোধী দল কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন গৃহমন্ত্ৰী পি চিদাম্বৰম ৷ সোমবাৰে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰে ৷ তদুপৰি যদিহে বিজেপি সাংসদ তাপীৰ গাৱৰ অভিযোগ সঁচা হয় তেনেহ'লে কেন্দ্ৰ চৰকাৰে চীনক পুনৰ ক্লীনশ্বিট প্ৰদান কৰিব নে পুনৰ পূৰ্বৰ ইউপিএ চৰকাৰকে ইয়াৰ বাবে দোষাৰোপ কৰিব বুলি প্ৰশ্ন উত্থাপন কৰে পি চিদাম্বৰমে ৷ ইয়াৰ লগতে, অৰুণাচল প্ৰদেশক ভাৰতবৰ্ষৰ ৰাজ্য বুলি উল্লেখ কৰি চীনে অৰুণাচল প্ৰদেশক নিজৰ অঞ্চল বুলি গণ্য কৰি থাকে বুলি কটাক্ষ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৷

উল্লেখ্য যে, ভাৰত আৰু চীনৰ মাজত অব্যাহত থকা সীমা বিবাদক কেন্দ্ৰ কৰিয়েই 2020চনৰ জুন মাহত ভাৰতীয় সেনা আৰু চীনৰ পিপুলছ লিবাৰেছন অৱ আৰ্মীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছিল ৷ ইয়াৰ উপৰিও গলৱান ঘাটীত সংঘটিত সংঘৰ্ষত ভাৰতৰ 20জনকৈ সেনাৰ মৃত্যু হৈছিল কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এই সংঘৰ্ষত কিমান চীনা সৈন্যৰ মৃত্যু হৈছিল সেইয়া চীনে প্ৰকাশ কৰা নাছিল ৷

লগতে পঢ়কঃঅৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীত চীনৰ হাইড্ৰ’ পাৱাৰ প্ৰকল্প স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.