নেশ্যনেল ডেস্ক, 12 আগষ্ট : বুধবাৰে পুৱাৰ ভাগত ছত্তীশগড়ৰ সুকমা জিলাৰ নক্সাল প্ৰভাৱিত অঞ্চলত সুৰক্ষা বাহিনীৰ জোৱানৰ সৈতে সংঘৰ্ষত নিহত হয় চাৰি নক্সালবাদী ৷ জাগৰগুন্দা আৰক্ষী থানাৰ অন্তৰ্গত এখন জংঘলত পুৱা 9.30 বজাত নক্সালবাদীৰ সৈতে সুৰক্ষা বাহিনীৰ জোৱানৰ এনকাউন্টাৰ আৰম্ভ হয় ৷ নক্সালবাদ বিৰোধী এই অভিযানক নেতৃত্ব প্ৰদান কৰিছিল বস্তৰ ৰেঞ্জৰ আৰক্ষী মহানিৰ্দেশক সুন্দৰৰাজ পিয়ে ৷ এই যুটীয়া অভিযানত সহযোগিতা আগবঢ়াইছিল জিলা ৰিজাৰ্ভ গাৰ্ড (DRG), চিআৰপিএফ আৰু কোব্ৰা (CoBRA) য়ে ৷
ৰাজ্যখনৰ ৰাজধানী ৰায়পুৰৰ পৰা 450 কিল'মিটাৰ দূৰত্বত অৱস্থিত ফুলামপাৰ গাঁৱৰ ওচৰৰ জংঘলত পেট্ৰলিং দলে দায়িত্ব পালন কৰি থকাৰ সময়তে দুই দলৰ মাজত গুলীবৰ্ষণ আৰম্ভ হয় ৷
দুয়ো পক্ষৰ তীব্ৰ গুলীবৰ্ষণৰ পাচতে চাৰিটাকৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে এটা .303 ৰাইফল, বৃহৎ পৰিমাণৰ দেশীয় বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হয় ৷ সুৰক্ষা বাহিনীয়ে বৰ্তমানো সেই অঞ্চলত অনুসন্ধান অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : EXCLUSIVE: জীৱনৰ অন্তিম মুহূৰ্তলৈকে ৰাজস্থানবাসীৰ হ'কে কাম কৰিমঃ শচীন পাইলট