চত্তীছগড়, ৯ মে': দেশত অব্যাহত আছে কৰ'ণা ভাইৰাছৰ ভয়ংকৰ ৰূপ । কৰ'ণা ভাইৰাছৰ ফলত দেখা দিয়া অৰ্থনৈতিক সংকটৰ মাজতেই শুকুৰবাৰে চত্তীছগড়ৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ । পত্ৰত উল্লেখ কৰা হৈছে ৰাজ্যখনৰ বাবে ৩০ হাজাৰ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰাৰ কথা । আগন্তুক তিনি মাহৰ বাবে COVID-১৯ প্রাদুর্ভাৱৰ ফলত সৃষ্টি হ'ব পৰা সংকট হ্ৰাস কৰাৰ বাবেই এই আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ । ইয়াৰ লগতে ৰাজ্যখনত তাৎক্ষণিক ভাৱে ১০ হাজাৰ কোটি টকাৰ আৰ্থিক সাহাৰ্য মুকলি কৰি দিয়াৰো অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
কেন্দ্ৰীয় চৰকাৰে জিলা সমূহক ৰেড, অৰেঞ্জ, গ্ৰীণ জ'নত বিভক্ত কৰি গ্ৰীণ জ'নত অৰ্থনৈতিক কাৰ্য-কলাপৰ অনুমতি প্ৰদান কৰিছে । এই ক্ষেত্ৰত অসুবিধা এইটো যে, যি অঞ্চল সমূহক অৰ্থনৈতিক কাৰ্য-কলাপৰ অনুমতি দিয়া হৈছে তাৰ মাজতে নতুন আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিব পাৰে । এনে পৰিস্থিতিত এটা নিৰ্দিষ্ট অঞ্চল পুনৰ ৰেড জ'নলৈ ৰূপান্তৰ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে পত্ৰখনত ।
এনে পৰিস্থিতি উদ্ভৱ হ'লে সম্পূৰ্ণ ৰূপে পুনৰ দীৰ্ঘ দিনলৈ বন্ধ হৈ পৰিব অৰ্থনৈতিক কাৰ্য-কলাপ । তেনে সময়ত জনসাধাৰণৰ মাজত অসন্তুষ্টি, অনিশ্চয়তাৰ পৰিস্থিতি সূচনা কৰিব বুলিও উল্লেখ কৰে বাঘেলে । ইয়াৰ লগতে ১৭ মে' পৰ্যন্ত চলিবলগীয়া লক্ ডাউনক লৈও অনিশ্চয়তাই বিৰাজ কৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীজনে ।
সেয়েহে ৰাজ্যখনৰ অৰ্থনৈতিক দিশটোক পুনৰ তৰান্বিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক অৰ্থনৈতিক সাহাৰ্য প্ৰদানৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী বাঘেলে ।