ETV Bharat / bharat

চন্দ্ৰযান-3 ৰ বাবে চৰকাৰৰ অনুমোদন: কে. ছিভান

author img

By

Published : Jan 1, 2020, 3:18 PM IST

চন্দ্ৰযান-3 প্ৰকল্পৰ বাবে ব্যৱহাৰ কৰা হ'ব থুথুকুডি (Thoothukudi) বন্দৰক ৷ এই কথা প্ৰকাশ কৰে ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ'ৰ সঞ্চালক ডঃ কে.ছিভানে ৷

চন্দ্ৰযান 3 ক চৰকাৰৰ অনুমোদন: কে. ছিভান
চন্দ্ৰযান 3 ক চৰকাৰৰ অনুমোদন: কে. ছিভান

নিউজ ডেস্ক, 1 জানুৱাৰীঃ ভাৰতবাসীৰ বাবে এক সুখবৰ ৷ চন্দ্ৰযান-3 প্ৰকল্পক অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰৰ ৷ ইতিমধ্যে এই প্ৰকল্পৰ কাম চলি আছে বুলি বুধবাৰে উল্লেখ কৰে ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ'ৰ সঞ্চালক ডঃ কে.ছিভানে ৷

সঞ্চালকগৰাকীয়ে কয়, চৰকাৰে এই প্ৰকল্পৰ প্ৰতি সঁহাৰি জনাইছে আৰু এই প্ৰকল্পৰ বিষয়ে ইতিমধ্যে পৰ্যালোচনা চলাই থকা হৈছে ৷ ইতিমধ্যে দ্বিতীয় মহাকাশবন্দৰৰ বাবে তামিলনাডুৰ থুথুকুডি বন্দৰ নিৰ্ধাৰণ কৰা হৈছে ৷ লগতে তেওঁ ইছৰ'ৰ বিগত বৰ্ষৰ সফলতা সমূহৰো অৱলোকন কৰে ৷

চন্দ্ৰযান 3 ক চৰকাৰৰ অনুমোদন: কে. ছিভান

সঞ্চালকগৰাকীয়ে লগতে কয়, 2019 বৰ্ষত আমাৰ মুখ্য ৰণনীতি হ'ব বিস্তাৰিত কাৰ্যক্ৰমৰ লগতে কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ আৰু তৃতীয় লক্ষ্য হ'ব প্ৰযুক্তি বিদ্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি শাৰীৰিক কৰ্মৰ অৱসান ঘটোৱা ৷ ইয়াৰ ওপৰি তেওঁ উল্লেখ কৰে যে,প্ৰক্ষেপনৰ সংখ্যা বৃদ্ধি কৰাৰ বাবেও বাহনৰ উদঘাটন কৰা হৈছে বুলি উল্লেখ কৰে ৷

ইপিনে উচ্চ মাধ্যমৰ শিক্ষাৰ্থীক মহাকাশ,বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিষয়ে দুসপ্তাহৰ প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে ইছৰ'লৈ অনা হৈছে বুলি কয় ডঃ ছিভানে ৷ অন্য এক পদক্ষেপ গ্ৰহণ কৰা হৈছে যে,উদ্যোগৰ দ্বাৰা PSLV ক সাজু কৰি তোলা ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.