নিউজ ডেস্ক, 20 আগষ্টঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চন্দ্ৰলৈ প্ৰেৰণ কৰা চন্দ্ৰযান দ্বিতীয়ই সফলতাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ৷ ইছৰোৱে প্ৰকাশ কৰা তথ্য অনুসৰি, চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাৰ লগতে কিছুদিনৰ ভিতৰতে অৰবিটাৰৰ পৰা পৃথক হৈ পৰিব লেণ্ডাৰ বিক্ৰম ৷ 100 কিলোমিটাৰ X 30 কিলোমিটাৰ কক্ষপথত ঘূৰি চন্দ্ৰযান দ্বিতীয়ৰ পৰা পৃথক হৈ পৰিব লেণ্ডাৰ বিক্ৰম ৷ মঙলবাৰে ভাৰতীয় সময় অনুসৰি, ৰাতিপুৱা 9.02 বজাত চন্দ্ৰযানে লুনাৰ অৰবিট ইনছাৰ্টেশ্বন (Lunar Orbit Insertation) সফলতাৰে সমাপন কৰি কক্ষপথত প্ৰৱেশ কৰে ৷
-
#ISRO
— ISRO (@isro) August 20, 2019 " class="align-text-top noRightClick twitterSection" data="
Today (August 20, 2019) after the Lunar Orbit Insertion (LOI), #Chandrayaan2 is now in Lunar orbit. Lander Vikram will soft land on Moon on September 7, 2019 pic.twitter.com/6mS84pP6RD
">#ISRO
— ISRO (@isro) August 20, 2019
Today (August 20, 2019) after the Lunar Orbit Insertion (LOI), #Chandrayaan2 is now in Lunar orbit. Lander Vikram will soft land on Moon on September 7, 2019 pic.twitter.com/6mS84pP6RD#ISRO
— ISRO (@isro) August 20, 2019
Today (August 20, 2019) after the Lunar Orbit Insertion (LOI), #Chandrayaan2 is now in Lunar orbit. Lander Vikram will soft land on Moon on September 7, 2019 pic.twitter.com/6mS84pP6RD
সমগ্ৰ প্ৰক্ৰিয়াটো 1,738 ছেকেণ্ডত সম্পন্ন কৰি 114 কিলোমিটাৰ X 18,072 কিলোমিটাৰ কক্ষপথত প্ৰৱেশ কৰে চন্দ্ৰযান দ্বিতীয়ই ৷ আনহাতে চন্দ্ৰপৃষ্ঠৰ পৰা 100 কিলোমিটাৰ দুৰত্বৰ লুনাৰ প'লত বহুকেইটা ঘূৰ্ণনৰ পিচতে অহা ছেপ্তেম্বৰ মাহৰ 7 তাৰিখে নিৰ্দিষ্ট লক্ষ্যস্থানত উপনীত হ'ব চন্দ্ৰযান দ্বিতীয় ৷ ইছৰোৱে প্ৰকাশ কৰা অনুসৰি চন্দ্ৰযান দ্বিতীয়ই ইয়াৰ পৰৱৰ্তী কক্ষপথ ঘূৰ্ণন বুধবাৰে দিনৰ 12.30 বজাৰ পৰা 1.30 বজাৰ ভিতৰত সম্পন্ন কৰিব ৷
- — ISRO (@isro) July 22, 2019 " class="align-text-top noRightClick twitterSection" data="
— ISRO (@isro) July 22, 2019
">— ISRO (@isro) July 22, 2019
সমগ্ৰ মিছনটো ইছৰোৰ মিছন অপাৰেশ্বন কমপ্লেক্স (Mission Operations Complex; MOX)ৰ পৰা নিৰীক্ষণ কৰি থকা হৈছে ৷ বেংগালুৰুস্থিত ট্ৰেকিং এণ্ড কামাণ্ড নেটৱৰ্ক (Tracking and Command Network; ISTRAC)ৰ দ্বাৰা চন্দ্ৰযানৰ সৈতে যোগাযোগ স্থাপন কৰি থকা হৈছে আৰু যোগাযোগ প্ৰক্ৰিয়াত সহায় কৰিছে কৰ্নাটকৰ বাইলালুস্থিত ইণ্ডিয়ান ডীপ স্পেচ নেটৱৰ্ক (Indian Deep Space Network; IDSN)ৰ এন্টেনাই ৷
-
#ISRO
— ISRO (@isro) August 20, 2019 " class="align-text-top noRightClick twitterSection" data="
Lunar Orbit Insertion (LOI) of #Chandrayaan2 maneuver was completed successfully today (August 20, 2019). The duration of maneuver was 1738 seconds beginning from 0902 hrs IST
For more details visit https://t.co/FokCl5pDXg
">#ISRO
— ISRO (@isro) August 20, 2019
Lunar Orbit Insertion (LOI) of #Chandrayaan2 maneuver was completed successfully today (August 20, 2019). The duration of maneuver was 1738 seconds beginning from 0902 hrs IST
For more details visit https://t.co/FokCl5pDXg#ISRO
— ISRO (@isro) August 20, 2019
Lunar Orbit Insertion (LOI) of #Chandrayaan2 maneuver was completed successfully today (August 20, 2019). The duration of maneuver was 1738 seconds beginning from 0902 hrs IST
For more details visit https://t.co/FokCl5pDXg
জুলাই মাহৰ 22 তাৰিখে জিএছএলভি মাৰ্ক তৃতীয় (Geosynchronous Satellite Launch Vehicle-Mark III; GSLV Mk III) ৰকেটৰ দ্বাৰা মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল চন্দ্ৰযান দ্বিতীয় ৷ চন্দ্ৰযান দ্বিতীয়ক তিনিটা ভাগত বিভক্ত কৰি মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল ৷ ইয়াৰ প্ৰথমটো 2,379 কিলোগ্ৰাম ওজনৰ সৈতে অৰবিটাৰ, দ্বিতীয়টো 1,471 কিলোগ্ৰাম ওজনৰ সৈতে লেণ্ডাৰ বিক্ৰম আৰু তৃতীয়টো 27 কিলোগ্ৰাম ওজনৰ ৰোভাৰ প্ৰজ্ঞান ৷ চন্দ্ৰপৃষ্ঠৰ ছাউথ প'লত প্ৰৱেশ কৰাৰ পূৰ্বেই চন্দ্ৰযানে আৰ্থ বাউণ্ড মেনুওভাৰ, ট্ৰানছ লুনাৰ ইনছাৰ্টেশ্বন, লুনাৰ বাউণ্ড মেনুওভাৰকে ধৰি বহুকেইটা ঘূৰ্ণন সম্পন্ন কৰিব ৷