ETV Bharat / bharat

হলীউদৰ চিনেমাৰ ব্যয়তকৈও কম খৰচত চন্দ্ৰযান2 অভিযান - মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনত অন্যতম স্থান দখল

হলীউদৰ ব্যয়বহুল চিনেমাক চেৰ পেলাই অতি কম খৰচত চন্দ্ৰত অৱতৰণৰ দিশে ভাৰতৰ চন্দ্ৰযান অভিযান-2

হলীউদৰ চিনেমাৰ ব্যয়তকৈও কম খৰচত চন্দ্ৰযান-2 অভিযান
author img

By

Published : Sep 6, 2019, 8:35 PM IST

চন্দ্ৰযান-2ৰ অভিযানেৰে ভাৰতে বিশ্বৰ আগশাৰীৰ দেশ আমেৰিকা,ৰাছিয়া আৰু চীনৰ পিচত মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনত অন্যতম স্থান দখল কৰিবলৈ সক্ষম হ'ল ৷ অনায়াসে সূক্ষ্মভাৱে চন্দ্ৰ পৃষ্ঠত প্ৰৱেশ কৰাৰ কেৱল অভিলেখ গঢ়াই নহয় ই আন বহু কাৰণত বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ চন্দ্ৰযান-2 অভিযানত ব্যয় হৈছিল 978 কোটি টকা ৷ যাৰ ভিতৰত উৎক্ষেপণ, অৱতৰণ আৰু চন্দ্ৰপৃষ্ঠত চলাচল কৰিব পৰা ব্যৱস্থা, পৃথিৱীৰ সৈতে সংযোগ ব্যৱস্থা আৰু যোগসূত্ৰৰ বাবত 603 কোটি টকা ব্যয় হৈছে ৷ অৱশ্যে চন্দ্ৰযান উৎক্ষেপণৰ বাবে GSLV MK III ৰ লগতে স্থানীয়ভাৱে নিৰ্মিত ক্ৰায়'জেনিক ইঞ্জিনৰ বাবদ ব্যয় হৈছে 375 কোটি টকা ৷ চন্দ্ৰযানৰ নামত হোৱা এই ব্যয় হলীউডৰ বহু চৰ্চিত চলচ্চিত্ৰৰ ব্যয়তকৈও যথেষ্ট কম ৷ শেহতীয়াভাৱে নিৰ্মিত হলীউডৰ চিনেমা "এভেঞ্জাৰছ এণ্ডগেম" ভাৰতীয় টকাৰ হিচাপত 2443 কোটিৰে নিৰ্মিত হৈছিল ৷ হলীউডৰ এতিয়ালৈ নিৰ্মিত সৰ্বাধিক ব্যয়বহুল ছবি "অৱতাৰ"ৰ নিৰ্মাণত খৰচ হৈছিল 3282 কোটি টকা ৷ আনকি স্পাইডাৰমেন-3, টাইটানিক, হেৰীপ'টাৰ, হাফ ব্লাড প্ৰিন্স তথা কিং-কং নিৰ্মাণত হোৱা ব্যয়তকৈও চন্দ্ৰযান-2ৰ অভিযান ব্যয় যথেষ্ট কম ৷ ভাৰতৰ এই নিম্ন ব্যয়সম্পন্ন অভিযানৰ দৰে আন কোনো দেশেই এতিয়ালৈকে ইমান কম খৰচত চন্দ্ৰ অভিযান চলাব পৰা নাই ৷ আমেৰিকাই ইয়াৰ 15-এপল' চন্দ্ৰ অভিযানৰ নামত 25 বিলিয়ন ডলাৰ খৰচ কৰিছিল ৷ ইয়াৰ পূৰ্বে ছোভিয়েট ৰাছিয়াই 1966 চনত চলোৱা চন্দ্ৰ অভিযানৰ নামত ব্যয় কৰিছিল 20 বিলিয়ন ডলাৰ ৷

হলীউদৰ চিনেমাৰ ব্যয়তকৈও কম খৰচত চন্দ্ৰযান-2 অভিযান
  • ভাৰত চন্দ্ৰ অভিযানৰ সূক্ষ্ম অৱতৰণৰ বিশ্ব অভিলেখেৰে চতুৰ্থখন দেশ
  • চন্দ্ৰযান-2 অভিযানৰ ব্যয়- 978 কোটি টকা
  • চন্দ্ৰযান-2 বহু হলীউডৰ চিনেমাতকৈও কম খৰচত চলোৱা অভিযান
  • "এভেঞ্জাৰছ এণ্ডগেম" নিৰ্মাণ হৈছিল 2443 কোটি টকা ব্যয়েৰে
  • "অৱতাৰ"ৰ নিৰ্মাণত খৰচ হৈছিল 3282 কোটি টকা
  • কোনো দেশেই এতিয়ালৈকে ইমান কম খৰচত চন্দ্ৰ অভিযান চলাব পৰা নাই
  • আমেৰিকাৰ 15-এপল' চন্দ্ৰ অভিযানত খৰচ হৈছিল 25 বিলিয়ন ডলাৰ
  • ৰাছিয়াই 1966 চনত 20 বিলিয়ন ডলাৰ ব্যয় কৰি চন্দ্ৰ অভিযান চলাইছিল

Intro:Body:

Chandrayaan

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.