নিউজ ডেস্ক, 28 ডিচেম্বৰ: মহীশূৰৰ শামৰাজেন্দ্ৰ বন্যপ্ৰাণী উদ্যানে প্লাষ্টিকৰ বিপদ নিয়ন্ত্ৰণ কৰিবলৈ এক নতুন পদ্ধতি হাতত লৈছে ৷ চিৰিয়াখানাখনৰ কৰ্মকৰ্তা সকলে দৰ্শনাৰ্থীয়ে লৈ অহা প্লাষ্টিকৰ সামগ্ৰী বোৰত বাৰ ক'ড লগায় আৰু দৰ্শনাৰ্থীসকলৰ পৰা গাইপতি 10 টকাকৈ লয় তেওঁলোকে লোৱা টকাখিনি দৰ্শনাৰ্থীক আকৌ উভতাই দিয়া হয় ৷
এই পদক্ষেপৰ দ্বাৰা তেওঁলোকৰ উদ্দেশ্য হ'ল যে,চিৰিয়াখানাৰ পৰিসীমাত দৰ্শনাৰ্থীসকলক প্লাষ্টিকৰ সামগ্ৰী অনাৰ বাবে নিৰুৎসাহ প্ৰদান কৰা ৷ প্ৰতিদিনে হাজাৰ হাজাৰ মানুহ এই চিৰিয়াখানালৈ আহে ৷ বন্ধ অথবা বিশেষ দিনবোৰত দৰ্শকৰ সংখ্যা 10 হাজাৰো অতিক্ৰম কৰে ৷ চিৰিয়াখানাৰ পৰিচালক অৰিজিৎ কুলকাৰ্ণীয়ে কয় যে, "আমাৰ চিৰিয়াখানাত 1500 বিধৰো অধিক জন্তু আৰু পক্ষী আছে ৷ প্ৰতি বছৰে প্ৰায় 20ৰ পৰা 25 লক্ষাধিক পৰ্যটক আহে চিৰিয়াখানা চাবলৈ ৷ সেয়েহে, চিৰিয়াখানাত প্লাষ্টিকৰ ক'ভাৰ বা অন্যান্য সামগ্ৰী সমূহ দেখাটো সাধাৰণ কথা ৷ এতিয়া এই উপায় আৰম্ভ কৰাৰে পৰা প্লাষ্টিকৰ ব্যৱহাৰৰ ভয়াৱহতা কিছু নিয়ন্ত্ৰণত আহিছে ৷"মহীশূৰ চিৰিয়াখানাৰ এই পৰিৱেশ অনুকূল পদক্ষেপে সাধাৰণ জনতা তথা দৰ্শনাৰ্থী সকলৰ দ্বাৰা যথেষ্ট সমাদৰ লাভ কৰিছে ৷