ETV Bharat / bharat

কৃষকৰ পৰা ফচল ক্ৰয়ৰ বাবে উদ্যোগৰ মুৰব্বীক আহ্বান কেন্দ্ৰৰ - FICCI ৰ সদস্যসকলৰ সৈতে এক ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ হৰছিমৰত কৌৰৰ

কৃষকে বহু কষ্টৰে উৎপাদন কৰা ফচল ক্ৰয় কৰিবৰ বাবে উদ্যোগসমূহৰ মুৰব্বীসকলক আহ্বান কেন্দ্ৰৰ ৷ হৰছিমৰত কৌৰ বাদলে এই বৈঠকত মুৰব্বীসকলক এই আহ্বান জনায় ৷

কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী হৰছিমৰত কৌৰ বাদল
কৃষকৰ পৰা ফচল ক্ৰয়ৰ বাবে উদ্যোগৰ মুৰব্বীক আহ্বান কেন্দ্ৰৰ
author img

By

Published : Apr 29, 2020, 9:22 PM IST

নেশ্যনেল ডেস্ক, 29 এপ্ৰিল : লকডাউনৰ ফলত দেশৰ বিভিন্ন অঞ্চলত নষ্ট হৈছে কৃষকে বহু কষ্টৰে উৎপাদন কৰা ফচল ৷ সেয়েহে বুধবাৰে কেন্দ্ৰই উদ্যোগসমূহৰ মুৰব্বীসকলক কৃষকসকলে উৎপাদন কৰা শাক-পাচলি তথা ফল-মূল ক্ৰয় কৰি অপব্যয় ৰোধ কৰাৰ লগতে তেওঁলোকক সহায় কৰিবৰ বাবে আহ্বান জনাইছে ৷

কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী হৰছিমৰত কৌৰ বাদলে এক বৈঠকত এই সম্পৰ্কত FICCI ৰ সদস্যসকলৰ সৈতে এক ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰে ৷ লকডাউনৰ পাচত খাদ্য় সংসাধন বিভাগৰ প্ৰয়োজনীয়তা সমূহ সুনিশ্চিত কৰিবলৈ আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

দেশৰ বিভিন্ন অঞ্চলত কৃষকসকলে উৎপাদন কৰা ফচলসমূহ নষ্ট হোৱা সম্পৰ্কত বিশদভাৱে আলোচনা কৰে বৈঠকত ৷ ঘেঁহু, ধান, ফল, শাক-পাচলি আৰু অন্যান্য ফচলসমূহ ক্ৰয় কৰিলে অপব্যয় ৰোধ হোৱাৰ লগতে কৃষকসকলেও আৰ্থিকভাৱে সকাহ পাব বুলি উদ্যোগসমূহৰ মুৰব্বীসকলক জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

এই বৈঠকত উপস্থিত থাকে FICCI ৰ সাধাৰণ সচিব দিলীপ চেনোই, FICCI ৰ খাদ্য সংসাধন সমিতিৰ মুখ্য কাৰ্যবাহী সঞ্চালক হেমন্ত মালিক, আমুলৰ পৰিচালন সঞ্চালক আৰ. এছ. সোধী, কককোলাৰ ভাৰতীয় মুৰব্বী টি. কৃষ্ণকুমাৰ, কাৰ্গিল ইণ্ডিয়াৰ মুৰব্বী ছিমন জৰ্জ, কেলগ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক মোহিত আনন্দ, Mondelez InternationaL মুৰব্বী দিপক আয়াৰ, MTR Foods ৰ মুখ্য কাৰ্যবাহী সঞ্চালক সঞ্জয় শৰ্মা আৰু Zydus Wellness ৰ মুখ্য কাৰ্যবাহী সঞ্চালক তৰুণ অৰোৰা ৷

এই জটিল সময়ত উদ্যোগসমূহৰ মুৰব্বীসকলে খাদ্য সামগ্ৰী যোগানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বাবে সকলোকে হৰছিমৰত কৌৰ বাদলে ধন্যবাদ জ্ঞাপন কৰে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.