ধৰ্মশালা, 25 মে’: তিব্বত প্ৰশাসনৰ ধৰ্মশালাত থকা কেন্দ্ৰীয় কৰ্তৃপক্ষই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক নিৰ্বাচনত জয়যুক্ত হোৱাৰ বাবে সম্বৰ্ধনা জনাইছে ৷ নৰেন্দ্ৰ মোদী পুনৰ ক্ষমতালৈ অহাৰ বাবে তিব্বতৰ নাগৰিকসকল অত্যন্ত সুখী ৷ তিব্বত প্ৰশাসনৰ ধৰ্মশালাত থকা কেন্দ্ৰীয় কতৃপক্ষৰ তথ্য আৰু আন্তৰ্জাতিক সম্পৰ্ক বিভাগৰ সম্পাদক টি.জি.আৰ্যই নৰেন্দ্ৰ মোদী আৰু তেওঁৰ সহকৰ্মী সকললৈ সম্বৰ্ধনা জনাই তেওঁলোকৰ অহা পাচঁ বছৰৰ কাৰ্যকাল সফলতাৰে সম্পাদনা কৰিবলৈ শুভকামনা জনাই ৷
লগতে পঢ়ক: নৰেন্দ্ৰ মোডী ভাৰতৰ "চুপাৰপাৱাৰ": আজমল
তেওঁ লগতে কয় যে তেওঁৰ এই কাৰ্যকালত ভাৰত তিব্বতৰ সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰিব ৷