ETV Bharat / bharat

স্থলসেনাৰ পদাতিক বাহিনী দিৱসত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদক সোঁৱৰণ

author img

By

Published : Oct 27, 2020, 11:18 AM IST

চীফ অৱ ডিফেন্স ষ্টাফ জেন. বিপিন ৰাৱাট আৰু চীফ অৱ আৰ্মি ষ্টাফ জেন. মনোজ মুকুন্দ নাৰাৱানে স্থলসেনাৰ পদাতিক বাহিনী দিৱস উপলক্ষে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত উপস্থিত হৈ শ্বহীদক শ্ৰদ্ধা অৰ্পন কৰে ৷ 1947 চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পিচৰ প্ৰথমটো সামৰিক অভিযানৰ সোঁৱৰণত এই দিৱস পালন কৰা হয় ৷

স্থলসেনাৰ পদাতিক বাহিনী দিৱসত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদক সোঁৱৰণ
স্থলসেনাৰ পদাতিক বাহিনী দিৱসত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদক সোঁৱৰণ

নিউজ ডেস্ক, 27 অক্টোবৰ : স্থলসেনাৰ পদাতিক বাহিনী (ইনফেন্ট্ৰি দে) দিৱস উপলক্ষে ৰাষ্ট্ৰীয় যুদ্ধস্মাৰকত উপস্থিত হয় চীফ অৱ ডিফেন্স ষ্টাফ জেন. বিপিন ৰাৱাট আৰু স্থলসেনাধ্যক্ষ চীফ অৱ আৰ্মি ষ্টাফ জেন. মনোজ মুকুন্দ নাৰাৱানে ৷ স্থলসেনাৰ 74 সংখ্যক পদাতিক বাহিনী দিৱস উপলক্ষে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় যুদ্ধস্মাৰকত শ্বহীদক সামৰিক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে দুয়োগৰাকী শীৰ্ষ বিষয়াই ৷

1947 চনত আজিৰ দিনটোত কাশ্মীৰ উপত্যকাত হোৱা পাকিস্তানী বিদ্ৰোহীৰ আক্ৰমণৰ বিৰুদ্ধে ভাৰতীয় স্থলসেনাৰ প্ৰথমটো সামৰিক অভিযানৰ স্মৃতিত প্ৰতিবছৰে 27 অক্টোবৰত স্থলসেনাই পদাতিক দিৱস (ইনফেন্ট্ৰি দে) হিচাপে পালন কৰে ৷

লগতে পঢ়ক : মঙলবাৰে হ'ব ভাৰত-আমেৰিকাৰ তৃতীয়লানি 2+2 আন্তঃমন্ত্ৰী আলোচনা

এই অভিযানত স্থলসেনাৰ শিখ ৰেজিমেন্টৰ প্ৰথম বাহিনীয়ে বিজয় সাব্যস্ত কৰিছিল ৷ আজিৰ এই দিৱসত চিডিএছ আৰু চীফ অৱ আৰ্মি ষ্টাফৰ সৈতে 1962ত ৰেজাংলাত শেষৰজন সৈনিকলৈকে যুদ্ধ কৰা শিখ আৰু কুমাওন ৰেজিমেন্টৰ বিষয়া আৰু জোৱানসকল উপস্থিত থাকে ৷ আজিৰ দিনটোতে 1947 চনত শ্ৰীনগৰত উপস্থিত হৈছিল শিখ আৰু কুমাওন ৰেজিমেন্টৰ সৈনিকসকল আৰু পাকিস্তানৰ কাবাইলিছৰ পৰা শ্ৰীনগৰ বিমানবন্দৰক ৰক্ষা কৰিছিল ৷ কুমাওন ৰেজিমেন্টৰ চতুৰ্থ বাহিনীৰ সৈনিকসকলে এই অভিযানত শিখ ৰেজিমেন্টৰ প্ৰথম বাহিনীৰ সৈতে একেলগে যুদ্ধত নামিছিল আৰু এইবাৰ দুয়োটা ৰেজিমেন্টৰ বিষয়া-জোৱানসকল আজিৰ পদাতিক বাহিনী দিৱস কাৰ্য্যসূচীত ৰাষ্ট্ৰীয় যুদ্ধস্মাৰকত উপস্থিত আছিল ৷

স্থলসেনাৰ পদাতিক বাহিনী দিৱসত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত চীফ অৱ ডিফেন্স ষ্টাফ আৰু চীফ অৱ আৰ্মি ষ্টাফ

আনহাতে ৰেজিংলাত ইতিহাস ৰচনা কৰিছিল কুমাওন ৰেজিমেন্টৰ 13 বাহিনীৰ মেজৰ চৈয়তান সিঙে (পৰম বীৰ চক্ৰ, মৰনোত্তৰভাৱে) ৷ ৰেজাংলা হৈছে বিগত মাহত ভাৰতীয় সেনাই পুনৰ দখল কৰিবলৈ সক্ষম হোৱা পাংগং ছ্য হ্ৰদৰ দক্ষিণ প্ৰান্তৰ এক অঞ্চল ৷ 1962ৰ এই বিজয়কো পদাতিক দিৱসত গৌৰৱেৰে উদযাপন কৰা হয় ৷

উল্লেখ্য যে, দেশৰ প্ৰথমটো পৰম বীৰ চক্ৰ কুমাওন ৰেজিমেন্টৰ চতুৰ্থ বাহিনীৰ মেজৰ সোমনাথ শৰ্মাক মৰনোত্তৰভাৱে প্ৰদান কৰা হৈছিল ৷ এই অভিযানৰ বাবেই শিখ আৰু কুমাওন ৰেজিমেন্টে আজিৰ দিনটো পদাতিক বাহিনী দিৱসৰ উপৰিও ৰেজিমেন্টেল দিৱস হিচাপেও উদযাপন কৰে ৷

লগতে পঢ়ক : আৰ্মি কামাণ্ডাৰ কনফাৰেন্স সম্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.