ETV Bharat / bharat

চি.চি.ডি ৰ প্ৰতিষ্ঠাপক ভি জি সিদ্ধাৰ্থৰ মৃতদেহ উদ্ধাৰ

নেত্ৰাৱতী নদীৰ মোহনাৰ পৰা উদ্ধাৰ চি.চি.ডি ৰ প্ৰতিষ্ঠাপক  ভি জি সিদ্ধাৰ্থৰ মৃতদেহ ৷ ব্যৱসায়িক বিফলতাই মৃত্যুৰ কাৰণ বুলি উল্লেখ৷

author img

By

Published : Jul 31, 2019, 9:53 AM IST

Updated : Jul 31, 2019, 11:10 AM IST

চি.চি.ডি ৰ প্ৰতিষ্ঠাপক ভি জি সিদ্ধাৰ্থৰ মৃতদেহ উদ্ধাৰ

মাংগালোৰ, 31 জুলাইঃ কেইবাটাও বিভাগৰ বহু সময়জোৰা সন্ধান কাৰ্যৰ পাছত চি.চি.ডি ৰ প্ৰতিষ্ঠাপক ভি জি সিদ্ধাৰ্থৰ মৃতদেহ কালি মাংগালোৰৰ হয়গে বজাৰৰ কাষৰ নেত্ৰাৱতী নদীৰ মোহনাৰ পৰা উদ্ধাৰ হয়৷
কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এচ এম কৃষ্ণৰ জোৱাঁই, 58 বছৰীয়া ব্যৱসায়ীজন সোমবাৰে আবেলিৰ পৰা সন্ধানহীন হৈ আছিল ৷ আৰক্ষী অধীক্ষক চানদ্বীপ পাটিলে জনায় যে, ব্যৱসায়ীজনক মঙ্গলবাৰে নেত্ৰাৱতী নদীৰ পাৰত সান্ধ্য ভ্ৰমনলৈ যোৱাৰ সময়তে শেষ বাৰৰ বাবে দেখা পোৱা গৈছিল৷
সিদ্ধাৰ্থৰ মৃতদেহ বিচাৰি উলিয়াবলৈ "কোষ্ট গাৰ্ড" আৰু "এন ডি আৰ এফ" ৰ লগতে কেইবাটাও বিভাগে মিলি উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছিল ৷ ব্যৱসায়ীজনৰ সন্ধান উলিয়াবলৈ পুলিচে প্ৰশিক্ষিত কুকুৰৰ বাহিনী, উদ্ধাৰ কাৰ্যত জড়িত উন্নত প্ৰযুক্তিৰ নাওঁ আৰু স্থানীয় মাছমৰীয়াসকলকো নিযুক্ত কৰিছিল৷
ব্যৱসায়ীজনে মৃত্যুৰ পূৰ্বে লিখা এখন পত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে, য'ত তেওঁৰ ওপৰত বিশ্বাস কৰা সকলো ব্যক্তিৰ ওচৰত ক্ষমাপ্ৰাৰ্থী বুলি উল্লেখ কৰে৷ লগতে তেওঁ উল্লেখ কৰিছে যে, তেওঁৰ সম্পূৰ্ণ প্ৰচেষ্টাৰ পাচতো এক লাভজনক আৰু সুস্থিৰ ব্যৱসায় স্থাপন কৰিবৰ বাবে তেওঁ সক্ষম নহ'ল৷
তেওঁ লগতে উল্লেখ কৰে যে, তেওঁ এজন ব্যক্তিগত ব্যৱসায় আংশীদাৰৰ পৰা অতিমাত্ৰা মানসিক চাপৰ সন্মুখীন হৈছিল যাৰ বাবে তেওঁ এনে এক চুড়ান্ত সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল ৷ লগতে তেওঁ অভিযোগ আনে যে, আয়কৰ বিভাগৰ এজন প্ৰাক্তন মহানিদৰ্শকে তেওঁৰ ঋণৰ ওপৰত সূতৰ পৰিমাণ অত্যাধিক বৃদ্ধিৰ জৰিয়তে তেওঁক মানসিক চাপ দিবলৈ আৰম্ভ কৰিছিল৷

Intro:Body:

Cafe Coffee Day founder's body found

Conclusion:
Last Updated : Jul 31, 2019, 11:10 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.