নিউজ ডেস্ক, 18 মে': CBSC ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ বাকী ৰোৱা পৰীক্ষা সমূহ 1 জুলাইৰ পৰা 15 জুলাইলৈ অনুষ্ঠিত হ'ব । সোমবাৰে CBSC-য়ে দাখিল কৰিলে বাকী ৰোৱা পৰীক্ষাবোৰৰ সময়সূচী ।
এক টুইট যোগে মানৱ সম্পদ মন্ত্ৰী ৰমেশ পক্ষিয়াল নিসাংকে টুইট কৰি এই কথা প্ৰকাশ কৰাৰ লগতে নতুন সূচীখন প্ৰকাশ কৰিছে ।
নতুন সূচী অনুসৰি দ্বাদশ শ্ৰেণীৰ পদাৰ্থ বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ'ব 4 জুলাইত আৰু ৰাসায়ন বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ'ব 6 জুলাইত । অৱশ্যে এই পৰীক্ষা দুটা কেৱল উত্তৰ পূৱ দিল্লীতহে বাকী আছিল । গোষ্ঠী সংঘৰ্ষৰ বাবে বাতিল হৈছিল এই পৰীক্ষা দুটা ।
আনহাতে সমগ্ৰ ভাৰততে গৃহ বিজ্ঞান আৰু ভূগোলৰ পৰীক্ষা ক্ৰমে 1 জুলাই আৰু 11 জুলাইত অনুষ্ঠিত হ'ব ।
-
प्रिय विद्याथिर्यों,
— Dr Ramesh Pokhriyal Nishank (@DrRPNishank) May 18, 2020 " class="align-text-top noRightClick twitterSection" data="
आप सभी से #CBSE की 12वीं की बची हुई परीक्षाओं की डेट शीट साझा कर रहा हूँ।
मैं आप सभी को आगामी परीक्षाओं के लिए हार्दिक शुभकामनाएं देता हूँ।#StaySafe #StudyWell@HRDMinistry @mygovindia @PIBHindi @MIB_Hindi pic.twitter.com/NL2LDiJvh6
">प्रिय विद्याथिर्यों,
— Dr Ramesh Pokhriyal Nishank (@DrRPNishank) May 18, 2020
आप सभी से #CBSE की 12वीं की बची हुई परीक्षाओं की डेट शीट साझा कर रहा हूँ।
मैं आप सभी को आगामी परीक्षाओं के लिए हार्दिक शुभकामनाएं देता हूँ।#StaySafe #StudyWell@HRDMinistry @mygovindia @PIBHindi @MIB_Hindi pic.twitter.com/NL2LDiJvh6प्रिय विद्याथिर्यों,
— Dr Ramesh Pokhriyal Nishank (@DrRPNishank) May 18, 2020
आप सभी से #CBSE की 12वीं की बची हुई परीक्षाओं की डेट शीट साझा कर रहा हूँ।
मैं आप सभी को आगामी परीक्षाओं के लिए हार्दिक शुभकामनाएं देता हूँ।#StaySafe #StudyWell@HRDMinistry @mygovindia @PIBHindi @MIB_Hindi pic.twitter.com/NL2LDiJvh6
পৰীক্ষাৰ সময়সূচীৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে কেতবোৰ নিৰ্দেশনাও জাৰি কৰিছে । মাস্ক ব্যৱহাৰ বাধ্যতামূলক, হেণ্ড ছেনিটাইজাৰ নিয়া আৰু দৈহিক দূৰত্ব বৰ্তাই ৰখাটো সকলো পৰীক্ষাৰ্থীৰে বাবে বাধ্যতামূলক হ'ব ।
পৰীক্ষা সমূহ পুৱা 10.30 ৰ পৰা 1.30 বজালৈ অনুষ্ঠিত হ'ব ।
কৰ'ণা ভাইৰাছ সংক্ৰমণৰ বাবে দেশত জাৰি কৰা লক ডাউনৰ ফলত আধাৰ পৰাই পিছুৱাব লগীয়া হৈছিল দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা এই পৰীক্ষা সমূহ ।