ETV Bharat / bharat

মহেশ ভাট, মুকেশ ভাট আৰু আলিয়া ভাটৰ বিৰুদ্ধে গোচৰ ৰুজু

author img

By

Published : Jul 3, 2020, 8:17 PM IST

মুজাফৰপুৰৰ এগৰাকী উকিলে চলচ্চিত্ৰ নিৰ্দেশক মহেশ ভাট, মুকেশ ভাট আৰু অভিনেত্ৰী আলিয়া ভাটৰ বিৰুদ্ধে ধৰ্মীয় অনুভূতিক আঘাত দিয়াৰ অভিযোগ তুলি নিম্ন আদালতত গোচৰ ৰুজু কৰে ।

মহেশ ভাট, মুকেশ ভাট আৰু আলিয়া ভাটৰ বিৰুদ্ধে গোচৰ ৰুজু
মহেশ ভাট, মুকেশ ভাট আৰু আলিয়া ভাটৰ বিৰুদ্ধে গোচৰ ৰুজু

নিউজ ডেস্ক, 3 জুলাইঃ ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগত মুজাফৰপুৰত গোচৰ ৰুজু হৈছে চলচ্চিত্ৰ নিৰ্দেশক মহেশ ভাট, মুকেশ ভাট আৰু অভিনেত্ৰী আলিয়া ভাটৰ বিৰুদ্ধে । শুকুৰবাৰে ছনু কুমাৰ নামৰ উকীল এজনে তিনিওৰে বিৰুদ্ধে ৰুজু কৰে গোচৰ । ন্য়ায়িক আদালতত ৰুজু কৰিছে এই গোচৰ ।

চিত্ৰকূট নগৰৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত চনু কুমাৰে অভিযোগ কৰি কয় যে, তিনিওগৰাকীয়ে তেওঁলোকৰ পৰৱৰ্তী ছবিৰ বাবে পোষ্টাৰত কৈলাশ পৰ্বতৰ ফটো ব্য়ৱহাৰ কৰিছে, যিয়ে হিন্দু ধৰ্মৰ একাংশ লোকক আঘাত দিছে ।

আন এগৰাকী উকীল প্ৰিয়া ৰঞ্জন আন্নুই কয় যে, আদালতে গোচৰটো গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী 8 জুলাইত শুনানিৰ বাবে দিন ধাৰ্য কৰিছে ।

লগতে পঢ়ক : হাইলাকান্দিত শৌচাগাৰ নিৰ্মাণত অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.