ETV Bharat / bharat

COVID 19 ৰ সময়ত বয়োজ্যেষ্ঠসকলৰ যতন - জ্যেষ্ঠ নাগৰিক

ষাঠিৰ ঊৰ্ধৰ বয়সৰ লোকসকল COVID-19 ৰ প্ৰভাৱত পৰাৰ আশংকা বেছি থকা দেখা যায় । তেওঁলোকৰ ডেকাকালৰ দৰে এই বয়সত প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ নাথাকে । তদুপৰি এই বয়সৰ লোকসকলৰ প্ৰায়েই মধুমেহ, উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু হাওঁফাঁওৰ সমস্যা আদি থাকে । এনেবোৰ কাৰণত তেওঁলোকৰ বিপদৰ আশংকা বেছি থাকে । বিভিন্ন দেশত হোৱা গৱেষণাৰ মতে জ্যেষ্ঠ লোকসকলৰ ওপৰত COVID-19 ৰ প্ৰভাৱ তীব্ৰ আৰু বহু সময়ত মৃত্যুলৈকেও থেলি দিব পাৰে ।

Caring for the Elderly During COVID-19
Caring for the Elderly During COVID-19
author img

By

Published : Apr 8, 2020, 7:37 PM IST

যিসকলে জ্যেষ্ঠ নাগৰিকসকলৰ যতন লয় তেওঁলোকে প্ৰয়োজনীয় প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাটো নিতান্তই আৱশ্যক । যেনে—সঘনাই কমেও ২০ ছেকেণ্ডৰ বাবে হাত ধোৱা বা যত্ন লোৱাৰ আগত বা পাচত, বাথৰূম ব্যৱহাৰ,খাদ্য প্ৰস্তুত কৰাৰ আগেয়ে বা পাচত ভালদৰে এলকহলযুক্ত ছেনিটাইজাৰেৰে হাত দুখন ধুব লাগে । যত্ন লওঁতাসকলে কাহ বা হাঁচিওৱাৰ ক্ষেত্ৰত নিৰ্ধাৰিত নিয়মসমূহো মানি চলিব লাগে । কাহ বা হাঁচি মৰাৰ সমত টিছ্যু বা কিলাকুটি ব্যৱহাৰ কৰিব লাগে । ঘৰৰ যিবোৰ বস্তু সঘনাই স্পৰ্শ কৰা যায় সেইবোৰ চাবোন আৰু পানী বা বীজাণুনাশকেৰে চাফা কৰাটো উচিত । জ্যেষ্ঠ লোকসকলে ব্যৱহাৰ কৰা চিকিৎসাৰ লগত জড়িত সামগ্ৰীবোৰৰ ক্ষেত্ৰতো একেই উপায় অৱলম্বন কৰাটো প্ৰয়োজনীয় ।

যিহেতু বয়োজ্যেষ্ঠ লোকসকলৰ চলাচল কৰাত অসুবিধাৰ সন্মুখীন হয় সেয়ে তেওঁলোকে ঘৰৰ বাহিৰৰ পৃথিৱীখনৰ সৈতে বেছি যোগাযোগ নাৰাখে । তেওঁলোকৰ উদ্যম শক্তিশালী কৰাৰ লগতে মনটোক সতেজ কৰি ৰাখিবলৈ সামাজিক ভাৱ বিনিময়ৰ বৰ গুৰুত্বপূৰ্ণ । কিন্তু ব্যক্তিগত সাক্ষাতকো কম পৰিমাণৰ কৰা উচিত যাতে বন্ধু বা সম্পৰ্কীয় লোকৰ সংস্পৰ্শলৈ আহি এইসকল বৃদ্ধ লোক অসুস্থ হৈ নপৰে । যিহেতু বন্ধু-বান্ধৱ, পৰিয়াল-পৰিজনৰ সৈতে বাৰ্তালাপ কৰাটো জৰুৰী এই ক্ষেত্ৰত তেওঁলোকে ফোনৰ ব্যৱহাৰ কৰিব পাৰে । চুবুৰীয়া, ঘৰুৱা সহায়কাৰী, ডাকোৱাল বা আন লোকসকলৰ সৈতে হোৱা বাৰ্তালাপে তেওঁলোকৰ সামাজিক একাকীত্বৰ ভাৱক দূৰ কৰিব পাৰে আৰু বাহিৰৰ পৃথিৱীখনৰ খবৰ লাভ কৰিব পাৰে ।

লগতে পঢ়ক : COVID-19ৰ সংক্ৰমণ বিশ্বব্যাপী থকা প্ৰবাসীসকলৰ বাবে বিপদজনক হ'ব পাৰে

শিশুসকলৰ সংগই জ্যেষ্ঠ লোকসকলৰ মনত আনন্দ দিয়ে । কিন্তু এয়া সতৰ্ক হৈ থকাটো প্ৰয়োজন যে শিশুসকল COVID-19 প্ৰতিৰোধ কৰাৰ ক্ষমতা থাকিলেও জ্যেষ্ঠ লোকসকলৰ সৈতে থকা সিহঁতৰ নৈকট্যৰ বাবে কৰ’ণা ভাইৰাছৰ বাহক হিচাপে কাম কৰিব পাৰে । যদি কণমানিহঁত অসুস্থ হৈ থাকে সম্পূৰ্ণৰূপে সুস্থ হৈ নুঠা পৰ্যন্ত সিহঁতক দূৰত ৰাখিব লাগে । ভিডিঅ’ কনফাৰেন্সিঙৰ সুবিধা থকা ফোন বা কম্পিউটাৰৰ জৰিয়তে বয়োজ্যেষ্ঠ লোকসকলে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে যোগাযোগ অব্যাহত ৰাখিব পাৰে । যিসকলৰ কাণেৰে শুনাত অসুবিধা আছে তেওঁলোকে ব্যৱহাৰ কৰিব পৰাকৈ ম’বাইল-কম্পিউটাৰত বিশেষ ব্যৱস্থা আছে । পৰিয়ালৰ লোকসকলেও বন্ধু আৰু আত্মীয়-স্বজনক সঘনে ফোন কৰি থাকিবলৈ, চিঠি লিখিবলৈ বা মেছেজ প্ৰেৰণ কৰিবলৈ ক’ব পাৰে । যিহেতু বহু উপাসনাস্থলী বন্ধ হৈ আছে গতিকে জ্যেষ্ঠ লোকসকলে আধ্যাত্মিকতা বৰ্তাই ৰখাৰ বাবে আন উপায় অৱলম্বন কৰিব পাৰে তাৰ প্ৰতি গুৰুত্ব দিব লাগে । ইয়াৰ ভিতৰত অনলাইন ব্যৱস্থা, টিভিৰ অনুষ্ঠান, আন সদস্যসকলৰ সৈতে ফোনত যোগাযোগ উল্লেখনীয় উপায় হ’ব পাৰে । লঘু ব্যায়াম, যোগ, স্বাস-প্ৰশ্বাসৰ ব্যায়ম, প্ৰাণায়ম, ঘৰত প্ৰাৰ্থনা আদি আধ্যাত্মিকভাৱে সুস্থ হৈ থকাৰ উপায় ।

লগতে পঢ়ক : কোভিড-19ত আক্ৰান্ত হৈ ভাৰতীয় মুলৰ আমেৰিকান সাংবাদিকৰ মৃত্যু

জ্যেষ্ঠ লোকসকলে মনোৰঞ্জনৰ বাবে টেলিভিশ্বন অনুষ্ঠান চায় যদিও তেওঁলোকৰ চোৱাৰ সময় সীমিত কৰা উচিত । কাৰণ COVID-19 সম্পৰ্কীয় অত্যাধিক বা-বাতৰি চোৱাৰ ফলত তেওঁলোক উদ্বিগ্ন হৈ উঠিব পাৰে । এয়া পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰাৰ বাবে উপযুক্ত সময় । বয়োজ্যেষ্ঠ লোকসকলে তেওঁলোকৰ অভিজ্ঞতা সম্বলিত কাহিনীবোৰ ক’ব পাৰে, পৰিয়ালৰ এলবাম প্ৰস্তুত কৰাত ব্যস্ত ৰাখিব পাৰে বা ৰন্ধন কাৰ্যত উপদেশ দিব পাৰে । অসুখ হোৱাৰ সম্ভাৱনা থাকিলে চিকিৎসাৰ পৰিকল্পনাও যুগুত কৰি থ’ব লাগে । যত্ন লওঁতাসকলে খোলা থকা স্থানীয় ক্লিনিক, চিকিৎসালয়, ফাৰ্মাচী আদিৰ তথ্য লগত ৰাখিব লাগে । ঔষধ আৰু আন অত্যাৱশ্যকীয় সামগ্ৰীবোৰ দুই-তিনিমাহৰ বাবে মজুত কৰি ৰাখিলে অভাৱ হোৱাৰ সম্ভাৱনা নাথাকে । যদি যত্ন লওঁতাজন অসুস্থ হৈ পৰে তেন্তে বন্ধু বা সম্পৰ্কীয় লোকসকলে সহায় কৰিব পাৰে ।

লগতে পঢ়ক : COVID-19: মৃদু লক্ষণৰ ৰোগীক কিদৰে শুশ্ৰূষা প্ৰদান কৰিব !

উদাহৰণস্বৰূপে ৰোগাক্ৰান্ত মোৰ ৯২ বছৰীয়া মাতৃৰ চলাচল কৰাত সমস্যা আছে । কিন্তু তেওঁ ৰন্ধা-বঢ়াত সহায় কৰি, ঘৰুৱা বিষয়বোৰত উপদেশ দিয়াৰ লগতে তেওঁৰ শৈশৱৰ কথাবোৰ কৈ আমাক আমোদ দিয়ে । পৰিয়ালত থকা চেমনীয়াসকলৰ সৈতে তেওঁৰ প্ৰত্যক্ষ সম্পৰ্কক আমি সীমাবদ্ধ কৰি ৰাখিছোঁ । কিন্তু সিহঁতক গান গাবলৈ, ৰসাল গল্প ক’বলৈ, কেৰ’ম ব’ৰ্ডৰ দৰে খেল খেলিবলৈ উৎসাহিত কৰোঁ । এইবোৰে শাৰীৰিক দূৰত্ব বৰ্তাই ৰখাত সহায় কৰাৰ লগতে মোৰ মাৰ বাবেও আনন্দদায়ক হৈ উঠে । লকডাউন আৰু দীৰ্ঘদিনীয়া শাৰীৰিক ব্যৱধানৰ বাবে ক’ভিড-১৯ ৰ পৰিস্থিতি অধিক অসহনীয় যেন লাগে । এই শাৰীৰিক একাকীত্বক সামাজিক একাকীত্ব হ’বলৈ দিব নালাগে । জ্যেষ্ঠ লোক থকা পৰিয়ালসমূহে কিছু অভিনৱ আৰু সৃষ্টিশীল উপায় উদ্ভাৱন কৰিব লাগে যাতে তেওঁলোকে স্বাধীনত উপভোগ কৰাৰ লগতে শাৰীৰিক-মানসিকভাৱে সক্ৰিয় হৈ থাকিব পাৰে ।

লেখক- ভি ৰামানা ধাৰা, অধ্যাপক, ভাৰতীয় জনস্বাস্থ্য প্ৰতিষ্ঠান হায়দৰাবাদ

লগতে পঢ়ক : কেৱল অৰ্থনীতিয়েই নহয়, COVID19 এ গণতন্ত্ৰতো দীৰ্ঘস্থায়ী প্ৰভাৱ পেলাব !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.