ETV Bharat / bharat

আইন প্ৰণয়নৰ পূৰ্বৰ অপৰাধত মৃত্যুদণ্ড প্ৰদান কৰা নহয় : উচ্চতম ন্যায়ালয়

হানামকোণ্ডাৰ কুমাৰপল্লীস্থিত ঘৰৰ পৰা 9 বছৰীয়া শিশুটিক লৈ গৈ ধৰ্ষণ আৰু হত্যা কৰিছিল প্ৰবীণে ৷ ঘটনাৰ কিছু ঘন্টাৰ পাচতে শিশুটিৰ পৰিয়ালৰ লোকে প্ৰবীণক ধৰিবলৈ সক্ষম হৈছিল যদিও ইতিমধ্যেই শিশুটিৰ মৃত্যু হৈছিল ৷

author img

By

Published : Jun 17, 2020, 9:30 AM IST

POCSO আইন
উচ্চতম ন্যায়ালয়

নেশ্যনেল ডেস্ক, 17 জুন : POCSO আইন প্ৰণয়নৰ পূৰ্বে তেলেংগানাৰ এগৰাকী 9 বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰা মূল অভিযুক্তক মৃত্যুদণ্ডৰে দণ্ডিত কৰিবলৈ অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে ৷ উচ্চতম ন্যায়ালয়ে কয় যে, আইন প্ৰণয়নৰ পূৰ্বৰ অপৰাধে সেই আইনত প্ৰভাৱ পেলাব নোৱাৰে ৷

উল্লেখ্য যে, যোৱা বছৰৰ 12 নৱেম্বৰত হাইদৰাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে গৈ তেলেংগানা চৰকাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ৷ 25 বৰ্ষীয় যুৱকজনক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাচতে তেওঁৰ মৃত্যুদণ্ডৰ দাবীত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল চৰকাৰে ৷

POCSO আইন
উচ্চতম ন্যায়ালয়

যোৱা বছৰৰ 18-19 জুনত নিম্ন আদালতে ঘটনা সংঘটিত হোৱাৰ 48 দিনৰ ভিতৰত পোলেপাকা প্ৰবীণ নামৰ যুৱকজনক মৃত্যুদণ্ডৰ ৰায়দান কৰিছিল ৷

উচ্চতম ন্যায়ালয়ে ৰায়দান কৰি কয় যে, Protection of Children from Sexual Offences (POCSO) আইন 2019 চনৰ 6 আগষ্টৰ পৰা কাৰ্যকৰী হৈছিল ৷ আনহাতে, তেলেংগানাৰ এই ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনা 2019 চনৰ 18-19 জুনত সংঘটিত হৈছিল ৷

উল্লেখ্য যে, হানামকোণ্ডাৰ কুমাৰপল্লীস্থিত ঘৰৰ পৰা 9 বছৰীয়া শিশুটিক লৈ গৈ ধৰ্ষণ আৰু হত্যা কৰিছিল প্ৰবীণে ৷ ঘটনাৰ কিছু ঘন্টাৰ পাচতে শিশুটিৰ পৰিয়ালৰ লোকে প্ৰবীণক ধৰিবলৈ সক্ষম হৈছিল যদিও ইতিমধ্যেই শিশুটিৰ মৃত্যু হৈছিল ৷

লগতে পঢ়ক : গালৱান ভেলীৰ পৰা সৈনিক প্ৰত্যাহাৰ ভাৰত-চীনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.