নিউজ ডেস্ক, 10 মে' : মুম্বাইৰ পৰা বাছযোগে আহি আছে অসমৰ কৰ্কট ৰোগীৰ লগতে ৰোগীৰ আত্মীয় ৷ 4 মে'ত মুম্বাইৰ অসম ভৱনৰ পৰা যাত্ৰা কৰে ৰোগীৰ এই দলটো ৷ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত তথা মুম্বাইস্থিত অসম ভৱনৰ আৱাসিক আয়ুক্ত দেৱাশীষ শৰ্মাৰ নেতৃত্বত বাছযোগে অনা হৈছে কৰ্কট ৰোগী সকলক ৷ কিন্তু দীৰ্ঘদিনীয়া এই যাত্ৰাৰ সময়ছোৱাত ৰোগী সকলে নানা ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে বুলি উল্লেখ কৰিছে ৰোগীৰ আত্মীয়ই ৷
আনকি যাত্ৰাৰ সমযছোৱাত বিভিন্ন ধৰণৰ খাদ্য সমস্যাৰ সন্মুখীন হোৱা বুলিও উল্লেখ কৰে তেওঁলোকে ৷ যাত্ৰাৰ সময়ছোৱাত বহু কেইখন টোল গেট পাৰ হ'ব লগা হোৱাত ঘন্টা-ঘন্টা ধৰি ৰাজপথত আৱদ্ধ হ'ব লগা হয় ৰোগী কঢ়িওৱা বাহন কেইখন ৷
অৱশ্যে যাত্ৰাৰ বিভিন্ন স্থানত থাকি সেৱা আগবঢ়াই আহিছে দ্বীপশিখা ফাউণ্ডেচনৰ লগত সিদ্ধি বিনায়ক সমাজ আৰু জৈন মন্দিৰ সমাজে । এই সংস্থা তিনিটাই ৰোগী তথা ৰোগীৰ আত্মীয়ক বিভিন্ন স্থানত যোগান ধৰি আহিছে খাদ্য সামগ্ৰী ৷ চিকিৎসক নিলাক্ষী চৌধুৰীৰ নেতৃত্বত অহা কৰ্কট ৰোগী তথা আত্মীয়ৰ ১৩২ জনীয়া দলটো সুকলমে আহি পোৱাৰ বাবে আশাৰে বাট চাই আছে পৰিয়ালবৰ্গই ৷
লগতে পঢ়ক : নগাঁৱত অচিন ৰোগত মৃত্যু শতাধিক পশুধনৰ !