নিউজ ডেস্ক,17 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনক লৈ উত্তাল দেশৰ লগতে ৰাজ্য। প্ৰতিজন নাগৰিক,দল-সংগঠন সকলোৱে এই আইনখনৰ বিৰোধিতা কৰাৰ সমান্তৰালকৈ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে বিৰোধিতা কৰিছে এই আইনখনৰ।
মঙলবাৰৰ দিনাও নাগৰিকত্ব সংশোধনী আইনখনক লৈ উত্তাল হৈ পৰে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে হাতে-হাতে প্লে-কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে বিশ্ববিদ্যালয়ৰ চৌহদ।
অন্য এক খবৰৰ বাবে : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বাংগালুৰুত অসমীয়াৰ প্ৰতিবাদ
উল্লেখ্য এই জামিয়া মিলিয়া বিশ্ববিদ্যালয়ত 15 ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইনখনক লৈ সৃষ্টি হৈছিল হিংসাত্মক পৰিৱেশৰ। বিশ্ববিদ্যালয়ত প্ৰতিবাদ চলি থকাৰ সময়তে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল একাংশ প্ৰতিবাদকাৰীৰ। প্ৰতিবাদকাৰীসকলে আৰক্ষী-নিৰাপত্তাৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে প্ৰতিবাদকাৰীসকল ক্ষোভিত হৈ 100 খন ৰাজহুৱা বাহনৰ লগতে 10 খন আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰিছিল। এই ঘটনাত বহুকেইজন আৰক্ষী বিষয়া-প্ৰতিবাদকাৰী আহত হ'বলগীয়া হৈছিল। বিশ্ববিদ্যালয়খনত সৃষ্টি হোৱা এনে ভয়ংকৰ পৰিস্থিতিৰ বাবে ক্ষোভিত হৈ পৰিছিল ছাত্ৰ-ছাত্ৰীসকল। ঘটনাৰ তদন্তৰ বাবে সোমবাৰে বিশ্ববিদ্যালয়খনৰ হাজাৰ-হাজাৰ শিক্ষাৰ্থীয়ে আৰক্ষী চকীত প্ৰৱেশ কৰিছিল। ইফালে,এই ঘটনাত বিশ্ববিদ্যালয়খনৰ কোনো ছাত্ৰ-ছাত্ৰী জড়িত নাই বুলি দিল্লী আৰক্ষীয়ে স্পষ্টতা প্ৰকাশ কৰাৰ পাছতেই আৰক্ষীয়ে বিশ্ববিদ্যালয়ৰ চৌহদত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰা 10 জন লোকক গ্ৰেপ্তাৰ কৰে।
অন্য এক খবৰৰ বাবে : পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফক মৃত্যুদণ্ডৰ আদেশ
বৰ্তমান বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে শান্তিপূৰ্ণ ভাৱে প্ৰতিবাদ চলাই গৈছে। বিশ্ববিদ্যালয়খনত সৃষ্টি হোৱা ভয়ংকৰ পৰিস্থিতিৰ বাবে বহু শিক্ষাৰ্থীয়ে আইনখনৰ বিৰোধিতা নকৰি নিজ-নিজ বাসগৃহলৈ গৈছে যদিও আইনখন বাতিল নকৰা পৰ্যন্ত এই আন্দোলন চলাই নিব বুলি মন্তব্য কৰে একাংশ ছাত্ৰ-ছাত্ৰীয়ে। ছাত্ৰ-ছাত্ৰীসকলৰ মন্তব্য অনুসৰি,শেষ নিঃশ্বাস ত্যাগ নকৰা পৰ্যন্ত এই আইনখনৰ বিৰোধিতা কৰি যাব আৰু আন্দোলন চলাই যাব।