ETV Bharat / bharat

চি(এ)এ বিৰোধী প্ৰতিবাদৰ ফলত পশ্চিম বংগত সাময়িকভাৱে স্থগিত ইন্টাৰনেট সেৱা - 190 জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে

শেহতীয়াকৈ গুৱাহাটীত হৈ থকা অপ্ৰীতিকৰ পৰিস্থতিৰ বাবে আৰক্ষীয়ে এই সন্দৰ্ভত 136 টা গোচৰ ৰুজু কৰাৰ লগতে সমগ্ৰ ৰাজ্যৰ পৰা 190 জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে ৷

Internet suspended in Howrah
পশ্চিম বংগত সাময়িকভাৱে স্থগিত ইন্টাৰ্ণেট সেৱা
author img

By

Published : Dec 18, 2019, 8:45 AM IST

Updated : Dec 18, 2019, 12:07 PM IST

নিউজ ডেস্ক , 18 ডিচেম্বৰঃ সংশোধিত নাগৰিকত্ব আইনখনৰ বিৰোধিতাৰে সমগ্ৰ দেশতে প্ৰতিবাদ অব্যাহত থকাৰ ফলত বিঘ্নিত হৈছে আইন শৃংখলা জনিত পৰিস্থিতি ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে পশ্চিমবংগৰ হাওৰা জিলাত মঙলবাৰে বিয়লি 5 বাজালৈকে ইন্টাৰনেট সেৱা স্থগিত কৰি দিয়া হয় ৷ সতৰ্কতামূলক ব্যৱস্থা হিচাপে পশ্চিমবংগৰ বিভিন্ন জিলাত অস্থায়ীভাৱে ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয় ৷

পশ্চিম বংগ

ইপিনে বহু বিতৰ্কিত নাগৰিকত্ব আইন, 2019 ৰ বিৰোধিতাৰে অসমৰ ডিব্ৰুগড়ত অব্যাহত থকা উত্তাল প্ৰতিবাদক লক্ষ্য কৰি জিলা খনত সান্ধ্য আইন জাৰি কৰা হৈছিল ৷ অৱশ্যে পৰিস্থিতি কিছু সামান্য হোৱাত মঙলবাৰে জিলা প্ৰশাসনে পুৱা 6 বজাৰ পৰা বিয়লি 8 বজালৈকে জিলা খনত সান্ধ্য আইন শিথিল কৰি দিয়ে ৷ আনহাতে বৰ্তমানলৈকে গুৱাহাটীত হৈ থকা অপ্ৰীতিকৰ পৰিস্থতিৰ বাবে আৰক্ষীয়ে এই সন্দৰ্ভত 136 টা গোচৰ ৰুজু কৰাৰ লগতে সমগ্ৰ ৰাজ্যৰ পৰা 190 জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে ৷ সম্প্ৰতি অসমৰ বিভিন্ন জিলাত ইন্টাৰনেট সেৱা স্থগিত কৰি ৰখা হৈছে ৷

লগতে পঢ়ক- নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন

Intro:Body:

https://www.aninews.in/news/national/general-news/assam-curfew-relaxed-in-dibrugarh-till-8-pm20191217083513/

Conclusion:
Last Updated : Dec 18, 2019, 12:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.