ETV Bharat / bharat

মতানৈক্য এৰি সকলো দলকে একগোট হৈ কৰ'ণাৰে যুঁজাৰ আহ্বান অমিত শ্বাহৰ

author img

By

Published : Jun 16, 2020, 12:33 AM IST

মহামাৰী কৰ'ণাৰ এই সংকটকালত দলীয় মতানৈক্য এৰি সকলো ৰাজনৈতিক দলে এতিয়া হাতত হাত ধৰি আগবঢ়া উচিত । সোমবাৰে আয়োজিত এখন সৰ্বদলীয় সভাত এই আহ্বান জনালে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ।

Bury differences to battle COVID-19 in Delhi: Shah tells parties
মতানৈক্য এৰি সকলো দলকে একগোট হৈ ক'ৰণাৰে যুঁজাৰ অাহ্বান অমৃত শ্বাহৰ

নিউজ ডেস্ক, ১৫ জুন: মহামাৰী কৰ'ণাৰ এই সংকটকালত দলীয় মতানৈক্য এৰি সকলো ৰাজনৈতিক দলে এতিয়া হাতত হাত ধৰি আগবঢ়া উচিত । সোমবাৰে আয়োজিত এখন সৰ্বদলীয় সভাত এই আহ্বান জনালে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত অংশ গ্ৰহণ কৰিছিল আম আদমি পাৰ্টি, কংগ্ৰেছ আৰু বহুজন সমাজবাদী পাৰ্টিৰ বহুকেইগৰাকী নেতাই । কৰ'ণা ভাইৰাছ নিৰ্মুলৰ বাবে দিল্লী চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনা সমূহৰ কাৰ্যকৰীকৰণ সুনিশ্চিত কৰিবলৈ প্ৰতিটো দলৰ কৰ্মীসকলে সহায় কৰি যাবৰ বাবে উপস্থিত দলীয় নেতাসকলক অনুৰোধ জনায় ।

  • दिल्ली के राजनीतिक दलों के साथ दिल्ली में कोरोना संक्रमण के संदर्भ में बैठक की। इस समय सभी दल राजनीतिक द्वेष भुलाकार प्रधानमंत्री मोदीजी के नेतृत्व में दिल्ली की जनता के हितों के लिए काम करें।
    सभी दलों की एकजुटता से जनता में विश्वास बढ़ेगा और कोरोना के विरुद्ध लड़ाई को बल मिलेगा। pic.twitter.com/rx5Y9o6Ufe

    — Amit Shah (@AmitShah) June 15, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

এনে প্ৰচেষ্টাৰ ফলত জনসাধাৰণৰ মাজত বিশ্বাস বঢ়াৰ লগতে কোভিড-১৯ৰ বিৰুদ্ধে চলা যুদ্ধখনৰো ভাল ফলাফল পোৱা যাব । সেয়েহে মহামাৰীৰ বিৰুদ্ধে চলা এই যুদ্ধৰ সময়ত সকলো ৰাজনৈতিক দলে দলীয় মতভেদসমূহ ত্যাগ কৰি একেলগে কাম কৰি যোৱা উচিত । দিল্লীত কোভিদ-১৯ৰ পৰীক্ষা বৃদ্ধিৰ বাবে নতুন সমাধানৰো কথা উল্লেখ কৰিল গৃহমন্ত্ৰী গৰাকীয়ে ।

উল্লেখ্য যে, নতুন দিল্লীত ক'ৰণা আক্ৰান্তৰ সংখ্যা ভয়াৱহ ভাবে বৃদ্ধি হৈ অহাৰ প্ৰতি লক্ষ ৰাখি এই সৰ্বদলীয় সভাখনৰ আয়োজন কৰা হৈছিল । গৃহ মন্ত্ৰনালয়ৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, ক'ৰণা ভাইৰাছ নিৰ্মুলৰ বাবে চৰকাৰে লোৱা পদক্ষেপসমূহ সকলোকে অৱগত কৰাৰ লগতে বৈঠকত উপস্থিত সকলৰো পৰামৰ্শৰ বাবে আহ্বান জনায় । উল্লেখ্য যে, দেশৰ ৰাজধানীতে ৪১০০০ হাজাৰৰো অধিক লোক কোভিড-১৯ত আক্ৰান্ত হৈছে আৰু এই পৰ্যন্ত ১৩০০ৰো অধিক লোকৰ মৃত্যু ঘটিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.