ETV Bharat / bharat

অয়েপ্পা মন্দিৰলৈ প্ৰৱেশ কৰিব বিচৰা মহিলা কৰ্মচাৰীক বাধ্য়তামূলক অৱসৰৰ নিৰ্দেশ BSNL ৰ

author img

By

Published : May 15, 2020, 1:53 PM IST

ভাৰতীয় সঞ্চাৰ নিগম লিমিটেডৰ ফালৰ পৰা ফেচবুক প'ষ্টৰ জৰিয়তে ভক্ত সকলৰ ধৰ্মীয় অনুভূতিক আঘাত হানাৰ ইচ্চাকৃত আচৰণ আৰু সবৰিমালাৰ আয়েপ্পা মন্দিৰলৈ প্ৰৱেশৰ চেষ্টা কৰা মহিলা কৰ্মচাৰী ৰেহানা ফাতেমাক বাধ্যতামূলক অৱসৰৰ লোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে ।

BSNL orders compulsory retirement of employee-woman activist who tried to enter Ayyappa temple

কেৰালা, ১৫ মে': সবৰিমালাৰ লৰ্ড আয়েপ্পা মন্দিৰত প্ৰৱেশৰ চেষ্টা চলোৱা আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে বহু ভক্ত সকলৰ ধৰ্মীয় অনুভূতিক আঘাত হানাৰ ইচ্চাকৃত আচৰণৰ বাবেই BSNL ত কৰ্মৰত মহিলা কৰ্মচাৰী ৰেহানা ফাতিমাক বাধ্য়তামূলক অৱসৰৰ নিৰ্দেশ প্ৰদান কৰা হৈছে কোম্পানীটোৰ পৰা ।

উল্লেখ্য যে, ভাৰতীয় সঞ্চাৰ নিগম লিমিটেডত এগৰাকী টিলিকম টেকনিচিয়ান হিচাপে কৰ্মৰত আছিল ফাতিমা । ফেচবুকত ধাৰ্মিক অনুভূতিক আঘাত হানিব পৰা কৈ কৰা কিছুমান বিৰ্তকিত প'ষ্টৰ বাবেই ২০১৮ বৰ্ষৰ নৱেম্বৰ মাহত গ্ৰেপ্তাৰ হোৱাৰ পাচৰে পৰা কৰ্মৰ পৰা নিলম্বিত কৰা হৈছিল মহিলা কৰ্মচাৰী গৰাকীক ।

বাধ্য়তামূলক অৱসৰৰ নিৰ্ণয়ক নিন্দা জনাই মহিলা কৰ্মচাৰীগৰাকীয়ে কোম্পানীৰ পৰা জাৰি কৰা এই আদেশৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাব বুলি উল্লেখ কৰে ।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এই সিদ্ধান্তৰ আঁৰত ৰাজনৈতিক হস্তক্ষেপ আছে বুলি অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে । কোম্পানীৰ ফালৰ পৰা প্ৰদান কৰা নিৰ্দেশত মহিলাগৰাকীৰ আচৰণ, ক্ৰিয়া-কলাপকলৈ কোম্পানীয়ে চলোৱা আভ্যন্তৰীণ তদন্তৰ পাচতেই এই সিদ্ধান্ত গ্ৰহণৰ কথা উল্লেখ কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.