নিউজ ডেস্ক, 18 অক্টোবৰঃ বৃহস্পতিবাৰে পশ্চিমবংগৰ ভাৰত-বাংলাদেশ সীমান্তত সংঘটিত হয় গুলীচালনাৰ ঘটনা ৷ বাংলাদেশী জোৱানৰ ইচ্ছাকৃত গুলীচালনাৰ ফলত শ্বহীদ হয় এগৰাকী ভাৰতীয় জোৱান ৷ আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৰাজৱীৰ যাদৱ নামৰ সীমা সুৰক্ষা বাহিনীৰ এজন জোৱান ৷ এই ঘটনাই দুয়োখন দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত এক অশনি কঢ়িয়াই আনিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰাণলয় আৰু বৈদেশিক মন্ত্ৰাণলয়ৰ বাবে ৷ ইপিনে,সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্তৰ আশ্বাস বাংলাদেশৰ ডাইৰেক্টৰ জেনেৰেলৰ ৷
বাংলাদেশ গঠনৰ পাচতেই ভাৰত-বাংলাদেশৰ মাজত অতীতৰে পৰা বিৰাজ কৰিছে এক শান্তিপূৰ্ণ পৰিৱেশ ৷ এইক্ষেত্ৰত ব্যক্তিক্ৰম নাছিল দুয়োখন দেশৰ সেনা-জোৱান ৷ কিন্তু বৃহস্পতিবাৰে সংঘটিত ঘটনাই দুয়োখন দেশৰ পাৰস্পৰিক সম্পৰ্কৰ ক্ষেত্ৰত এক প্ৰত্যাহ্বান সৃষ্টি কৰিছে ৷ বাংলাদেশী জোৱানৰ আক্ৰমণে উদঙাইছে বাংলাদেশী জোৱানৰ স্বৰূপ ! প্ৰাপ্ত তথ্য অনুসৰি,ভাৰতীয় সীমা সুৰক্ষা বাহিনীয়ে তিনিগৰাকী ভাৰতীয় মাছমৰীয়াক আন্তঃৰাষ্ট্ৰীয় সীমান্তত মাছ মৰাৰ অনুমতি প্ৰদান কৰিছিল ৷ আটাইকেইগৰাকী মাছমৰীয়া পদ্মা নদীত মাছ মাৰিবলৈ গৈ তিনি কিঃমি ভিতৰলৈ সোমাই গৈছিল ৷ পদ্মা নদীত ভাৰতীয় মাছমৰীয়া কেইজনক প্ৰত্যক্ষ কৰি আটক কৰে বাংলাদেশী সুৰক্ষা বাহিনীয়ে ৷ সেইখিনিলৈকে সকলো ঠিকেই আছিল ৷ ইয়াৰ পাচতেই তিনিগৰাকী মাছমৰীয়াৰ ভিতৰত এজনক আটক কৰি আন দুজনক এৰি দিয়ে বাংলাদেশী জোৱানে ৷ ইপিনে,আটকাধীন ভাৰতীয় মাছমৰীয়া জনক উদ্ধাৰ কৰিবলৈ ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ 117 বেটেলিয়ান,এজন উপ-পৰিদৰ্শকসহ ছয়জন সদস্য বাংলাদেশী সুৰক্ষা কৰ্মীৰ কাষলৈ যায় ৷ ইয়াৰ পাচতেই দুয়োখন দেশৰে সুৰক্ষা কৰ্মীৰ মাজত সৃষ্টি হয় উত্তেজনাৰ ৷ ভাৰতীয় জোৱান ঘটনাস্থলীৰ উভতি অহাৰ পথতে ছৈয়দ নামৰ এজন বাংলাদেশী জোৱানে পিছফালৰ পৰা আক্ৰমণ চলায় ৷ এই আক্ৰমণৰ ফলত বিজয় ভান সিং নিহত হোৱাৰ বিপৰীতে ৰাজৱীৰ যাদৱ আঘাতপ্ৰাপ্ত হয় ৷
সমগ্ৰ ঘটনাৰ পাচতেই কেন্দ্ৰীয় গৃহমন্ত্ৰাণয় আৰু বৈদেশিক মন্ত্ৰণালয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াও হ'ব লক্ষণীয় ৷