নিউজ ডেস্ক, ৬ জুনঃ ছত্তীশগড়ৰ কাংকাৰ সীমান্তত আত্মহত্যা কৰে সীমান্ত সুৰক্ষাৰ বাহিনীৰ (বিএছএফৰ) এজন জোৱানে । শনিবাৰে সীমান্ত সুৰক্ষাত নিয়োজিত জোৱানজনে নিজৰ চাৰ্ভিছ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰে বুলি সদৰি কৰে ।
ঘটনা অনুসৰি, বিএছএফৰ ১৫৭ বি বেটালিয়নৰ কনিষ্টবল সুৰেশ কুমাৰে চাৰ্ভিছ ৰাইফলেৰে নিজকে গুলীয়াই আত্মহত্যা কৰে । সুৰেশ কুমাৰে বিএছএফৰ এটি দলৰ সৈতে তালাচী অভিযান সমাপ্ত কৰি শিৱিৰলৈ আহি থকা সময়তে শিৱিৰলৈ মাত্ৰ ১০০ মিটাৰ বাট বাকী থকা সময়তে আত্মহত্যা কৰে ।
আনহাতে, সেনা জোৱানজনে কি কাৰণত আত্মহত্যা কৰিছে সেয়া জানিবলৈ সক্ষম হোৱা নাই যদিও ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । ইতিমধ্যে জোৱানজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।