ETV Bharat / bharat

পঞ্জাৱত ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান

author img

By

Published : Aug 2, 2020, 8:10 PM IST

নিষিদ্ধ ড্ৰাগছৰ এক বৃহৎ অভিযানত দেওবাৰে পঞ্জাৱ আৰক্ষীয়ে ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ এগৰাকী জোৱানৰ লগতে দুগৰাকী সন্দেহজনক লোকক ড্ৰাগছ সৰবৰাহ আৰু অবৈধ মাৰাণাস্ত্ৰ সৰবৰাহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ৷ পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সুৰক্ষা বাহিনীৰ জোৱানজন কনিষ্টবল ৰাজেন্দ্ৰ প্ৰসাদ আৰু স্থানীয় নাগৰিক সুৰমেল সিং আৰু গুৰজন্ত সিঙ বুলি জানিব পৰা গৈছে ৷

BSF constable among three arrested in drug racket in Punjab
পঞ্জাৱত ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান

নিউজ ডেস্ক, 2 আগষ্ট : নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে এক বৃহৎ অভিযানত দেওবাৰে পঞ্জাৱ আৰক্ষীয়ে ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ এগৰাকী জোৱানৰ লগতে দুগৰাকী সন্দেহজনক লোকক ড্ৰাগছ সৰবৰাহ আৰু অবৈধ মাৰাণাস্ত্ৰ সৰবৰাহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ৷ পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সুৰক্ষা বাহিনীৰ জোৱানজন কনিষ্টবল ৰাজেন্দ্ৰ প্ৰসাদ আৰু আন দুগৰাকী স্থানীয় নাগৰিক সুৰমেল সিং আৰু গুৰজন্ত সিঙ বুলি জানিব পৰা গৈছে ৷

ৰাজস্থানৰ গংগানগৰ জিলাৰ সীমান্ত সুৰক্ষা বাহিনীৰ কনিষ্টবল গৰাকী পঞ্জাৱৰ তৰণতাৰণ জিলাৰ চীনা গাঁৱৰ সীমান্তত কৰ্মৰত আছিল ৷ জানিব পৰা মতে, উক্ত অঞ্চলত ড্ৰাগছৰ সৰবৰাহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ৰাজেন্দ্ৰ প্ৰসাদ দ্ধিতীয় গৰাকী জোৱান ৷

উল্লেখ্য যে, এক গোপন সূত্ৰৰ পম খেদি জলন্ধৰ গ্ৰামীণ আৰক্ষীৰ এটা দলে 26 জুলাইত দুগৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছিল ৷ যি দুগৰাকী লোক দিল্লীৰ পৰা এখন চাৰিচকীয়া বাহনত আহিছিল ৷ আৰক্ষীয়ে তেওঁলোকৰ পৰা 25 গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হৈছে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত তেওঁলোকে তৰণতাৰণ জিলাৰ সতনাম সিং নামৰ এগৰাকী লোকৰ সৈতে কাম কৰি থকা বুলি উল্লেখ কৰে ৷ যিগৰাকী লোকৰ নাম পাকিস্তানৰ পৰা হেৰ'ইন আৰু অবৈধ মাৰাণাস্ত্ৰ আমদানী কৰাৰ ক্ষেত্ৰত লোৱা হয় ৷ লগতে, উক্ত ঘটনাৰ লগত সুৰক্ষা বাহিনীৰ জোৱান ৰাজেন্দ্ৰ প্ৰসাদ জড়িত থকা বুলিও তেওঁলোকে উল্লেখ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, জোৱান গৰাকীক 28 জুলাইত ৰাবলা মণ্ডীৰ নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ৷

লগতে পঢ়ক : ডিৰাক মহাবিদ্যালয় সম্পৰ্কত মৰাণ ছাত্ৰ সন্থাৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.