নিউজ ডেস্ক, 2 জুন : পঞ্জাৱত আটক হৈছে এগৰাকী বাংলাদেশী ব্যক্তি ৷ বি এছ এফৰ দলে আট্টাৰি তালাচী চকীৰ সমীপৰ পৰা আটক কৰে লোকজনক ৷ পঞ্জাৱৰ আৰক্ষীসূত্ৰই প্ৰকাশ কৰা অনুসৰি পশ্চিমবংগৰ পৰা পঞ্জাৱলৈ যোৱা ব্যক্তিগৰাকীৰ লগত নাই কোনো ধৰণৰ অনুজ্ঞাপত্ৰ ৷
আনহাতে, বাংলাদেশী ব্যক্তিজনে আৰক্ষীক জনোৱা মতে, চ'ছিয়েল মিডিয়া যোগে কৰাচীৰ এগৰাকী যুৱতীৰ প্ৰেমত পৰিছিল তেওঁ ৷ আৰু সেই যুৱতীগৰাকীয়ে তেওঁক কৈছিল যে, পৰিয়ালৰ লোকে তেওঁক বিয়া দিব খুজিছে ৷ অচিনাকি প্ৰেমিকাক উদ্ধাৰৰ বাবে এইদৰে ভাৰতত অনুপ্ৰৱেশ কৰি কৰাচীলৈ যাব খুজিছিল এইজন লোক ৷ বৰ্তমান পঞ্জাৱ পুলিচৰ জিম্মাত আছে ব্যক্তিগৰাকী ৷
লগতে পঢ়ক : চাইকেল কিনিবলৈ বিক্ৰী কৰিলে পত্নীৰ মংগলসূত্ৰ !