ETV Bharat / bharat

ৰিমখিমস্থিত ভাৰতৰ শেষৰটো চেক-পোষ্টলৈ পথ সংযোগৰ বাবে সাজু বিআৰঅ' - উত্তৰাখণ্ডৰ চামোলি জিলাৰ এটা বিশেষ পথ

ৰিমখিম হৈছে এক কুটনৈতিক গুৰুত্বপূৰ্ণ সামৰিক পোষ্ট যি বাৰাহোটি ৰিডজৰ নিচেই কাষত অৱস্থিত আৰু ভাৰতৰ ফালে থকা অন্তিমটো পোষ্ট ৷ ৰিমখিমলৈ মালাৰীলৈ যোৱাৰ বাবে 40 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা পথ আছে ৷ এই পথটো পুনৰ নিৰ্মাণৰ বাবে সাজু হৈছে ভাৰতৰ সীমান্ত পথ নিৰ্মাণ সংস্থা ৷

ৰিমখিমস্থিত ভাৰতৰ শেষৰটো চেক-পোষ্টলৈ পথ সংযোগৰ বাবে সাজু বিআৰঅ'

author img

By

Published : Sep 16, 2020, 9:09 PM IST

নিউজ ডেস্ক, 16 ছেপ্তেম্বৰ : চীন আৰু ভাৰতৰ মাজৰ শেহতীয়া সীমান্ত সমস্যাৰ বিষয়ে উপলব্ধিৰে, ভাৰতৰ সীমান্ত পথ নিৰ্মাণ সংস্থা চমুকৈ বিআৰঅ'ই সৈনিকসকলক সীমান্তৰ শেষ প্ৰান্তলৈ কঢ়িয়াই নিবৰ বাবে পথ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

ইয়াৰ ভিতৰত অন্যতম হৈছে উত্তৰাখণ্ডৰ চামোলি জিলাৰ এটা বিশেষ পথ, যিটো পথে ভাৰত-চীন সীমান্তৰ এক কুটনৈতিক গুৰুত্বপূৰ্ণ সামৰিক পোষ্টক সংযোগ কৰে ৷ বাৰাহোটি ৰিডজৰ নিচেই ওচৰতে অৱস্থিত ৰিমখিম হৈছে এইটো সামৰিক পোষ্ট যি মালাৰীৰ পৰা 40 কিলোমিটাৰ দুৰত্বত অৱস্থিত ৷ ইতিমধ্যেই ইয়াৰ বাবেই সংস্থাটোৱে দিন-ৰাতি একাকাৰ কৰি নিৰ্মাণকাৰ্যৰ কাম অব্যাহত ৰাখিছে ৷ আনহাতে নীতি পাছৰ নীতি ভেলীৰ অন্তৰ্গত গ্যালডুগ চেক পোষ্টৰ পৰা সংযোগী আন এটা পথৰো নিৰ্মাণৰ কাম অব্যাহত আছে বুলি জানিব পৰা গৈছে ৷ সীমান্তৱৰ্তী অঞ্চলটোত নিৰ্মাণকাৰ্য অব্যাহত ৰখাৰ লগতে এইটো অঞ্চলত বাস কৰা জনসাধাৰণৰ বাবে সংস্থাই নিয়োগৰ ব্যৱস্থাও কৰিছে ৷ সীমান্তত অব্যাহত থকা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতেই ভাৰতীয় সেনাই যাতে সীমান্তৰ শেষ প্ৰান্তলৈ নিৰ্বিঘ্নে যাব পাৰে তাৰ বাবে সাধাৰণ জনতায়ো সংস্থাক বহুখিনি সহায় কৰিছে ৷

ৰিমখিমলৈ যোৱা পথ নিৰ্মাণৰ বাবে সাজু বিআৰঅ'

চামোলি জিলাৰ জিলা দণ্ডাধীশ স্বাতী ভাদোৰিয়াই ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : কাৰ্গিল 2.0ৰ বাবে সাজু ভাৰতীয় সেনা, বিশেষ প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.