আজিৰ আধুনিক যুগত গান্ধীজীৰ দৰ্শন অথবা তেখেতৰ বিখ্যাত যঁতৰ, কোনোটোৰে পৰিবৰ্তন হোৱা নাই ৷ প্ৰকৃততে যি পৰিবৰ্তন ঘটিছে, সেইয়া মাথোঁ বিকাশৰ বিভিন্ন দিশতহে হৈছে ৷ যেতিয়া ইংৰাজে ভাৰতবৰ্ষত উপনিৱেশ স্থাপন কৰিছিল, সেই সময়ত তেওঁলোকে কিছুমান উন্নয়নমূলক প্ৰকল্প হাতত লৈছিল ৷ এই প্ৰকল্পসমূহৰ কিছুমানে বৰ্তমানেও ইংৰাজৰ স্মৃতি বহন কৰি আহিছে ৷ আজিও যেতিয়া মানুহে ইংৰাজৰ এই সমূহ কাহিনী শুনে, তেওঁলোক অবাক হৈ পৰে ৷
ডেৰাডুনৰ পৰা 22 কিলোমিটাৰ নিলগত অৱস্থিত মুছৌৰীৰ গালগিত ইংৰাজৰ অধীনত নিৰ্মিত এটি জল বিদ্যুৎ প্ৰকল্প 1907 চনৰ পৰাই কাৰ্যক্ষম হৈ আছে৷ আশ্চৰ্যৰ কথা যে, এই জল বিদ্যুৎ কেন্দ্ৰটোৰ পৰা বৰ্তমানেও বিদ্যুৎ যোগান অব্যাহত আছে ডেৰাডুন, বাৰ্লোগঞ্জ, মুছৌৰী আৰু আনাৰৱালা অঞ্চলত ৷ ব্ৰিটিছ চৰকাৰে বিদ্যুৎ উৎপাদনৰ বাবে মুছৌৰী অঞ্চলটো অধিগ্ৰহণ কৰিছিল আৰু 1890 চনৰ পৰাই এই গালগি বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ৷ 1912 চনৰ 9 নৱেম্বৰত এই কেন্দ্ৰটো ভাৰতৰ দ্বিতীয়টো বিদ্যুৎ কেন্দ্ৰ হিচাপে পৰিগণিত হয় ৷ এই বিদ্যুৎ যোগান কেন্দ্ৰটো 70 বছৰ ধৰি মুছৌৰী নগৰ পৰিষদৰ দ্বাৰা পৰিচালিত হৈ আছিল যদিও 1976 চনত এই কেন্দ্ৰটো হস্তান্তৰ কৰা হয় উত্তৰ প্ৰদেশ বিদ্যুৎ পৰিষদক ৷
ভাৰতত ব্ৰিটিছ শাসন চলি থকা সময়ৰে পৰাই এই ঐতিহাসিক জল বিদ্যুৎ কেন্দ্ৰটোৱে উন্নয়ন আৰু প্ৰসাৰৰ ক্ষেত্ৰত অৱদান আগবঢ়াই আহিছে ৷ উন্নয়ৰ ক্ষেত্ৰলৈ এই প্ৰকল্পৰ অৱদানে মুছৌৰীক অন্যতম চহকী পৌৰসভালৈ পৰিণত কৰিছে ৷ আজি দেশে গান্ধীজীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উদযাপন কৰিবলৈ আগবাঢ়িছে, কিন্তু বৰ্তমানেও দেশত এনে কিছু অঞ্চল আছে, য'ত বিকাশৰ লেশমানো উন্নয়নৰ পোহৰ পৰা নাই ৷