ETV Bharat / bharat

নাবালকক যৌন উৎপীড়নৰ অভিযোগত উড়িশা আৰক্ষীৰ জালত ব্ৰিটিছ নাগৰিক - নাবালকক যৌন উৎপীড়নৰ অভিযোগত উড়িশা আৰক্ষীৰ জালত ব্ৰিটিছ নাগৰিক

নাবালকক যৌন উৎপীড়ন চলোৱাৰ অভিযোগত উড়িশা আৰক্ষীৰ জালত ব্ৰিটিছ নাগৰিক ৷ বিগত বছৰৰ উড়িশাৰ ৰায়গণ্ডা জিলাৰ বাসগৃহত যৌন উৎপীড়ন চলোৱা হৈছিল নাবালকগৰাকীক ৷ আৰক্ষীৰ তদন্ত অব্যাহত ৷

Odisha: Briton held for sexually abusing minor
নাবালকক যৌন উৎপীড়নৰ অভিযোগত উড়িশা আৰক্ষীৰ জালত ব্ৰিটিছ নাগৰিক
author img

By

Published : Aug 21, 2020, 10:19 AM IST

নিউজ ডেস্ক, 21 আগষ্ট : দেশত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে উড়িশাৰ এটা আশ্ৰয় গৃহৰ এগৰাকী নাবালকক যৌন উৎপীড়ন চলোৱাৰ অপৰাধত উড়িশা আৰক্ষীয়ে এগৰাকী ব্ৰিটিছ নাগৰিকক গ্ৰেপ্তাৰ কৰিছে ৷ গ্ৰেপ্তাৰ কৰা লোকজন 68 বছৰীয়া জন প্ৰেটৰিক ব্ৰিজ বুলি জানিব পৰা গৈছে ৷

নাবালকক যৌন উৎপীড়নৰ অভিযোগত উড়িশা আৰক্ষীৰ জালত ব্ৰিটিছ নাগৰিক

আৰক্ষী অধীক্ষক ৰাহুল পী আৰে জানিব দিয়া অনুসৰি, নাবালকগৰাকীক যৌন উৎপীড়ন চলোৱাৰ অভিযোগত আৰক্ষীয়ে ব্ৰিটিছ নাগৰিকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ জানিব পৰা মতে, আৰক্ষীয়ে অধিক তথ্য সংগ্ৰহৰ বাবে ব্যক্তিজনক সোধপোচ অব্যাহত ৰাখিছে ৷

আনহাতে, নাবালকগৰাকীৰ অভিযোগ অনুসৰি বিগত বছৰত ব্ৰিটিছ নাগৰিকজনে তেওঁক যৌন উৎপীড়ন চলাইছিল ৷ উড়িশাৰ ৰায়গণ্ডা জিলাৰ বাসগৃহত যৌন উৎপীড়ন চলোৱা বুলি তেওঁ জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ইছৰোৰ ব্যক্তিগতকৰণ কৰা নহয়ঃ কে. শিবান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.