নেচনেল ডেক্স, 30 আগষ্ট: বৃহস্পতিবাৰে চীনৰ জল-সম্পদ মন্ত্ৰালয়ে এক সংবাদমেলত যোগে কয় যে ভাৰত আৰু চীনে ব্ৰহ্মপুত্ৰৰ বৰ্ধিত জলপৃষ্ঠ আৰু বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এটা উমৈহতীয়া সমাধান উলিয়াবৰ বাবে একেলগে কাম কৰা উচিত ৷
সংবাদমেল যোগে জলসম্পদ বিভাগৰ পৰামৰ্শদাতা ইউন চিনজুনে কয় "ব্ৰহ্মপুত্ৰৰ বানৰ মূল কাৰণ হল নদীখনৰ বৰ্ধিত জলপৃষ্ঠ আৰু ইয়াৰ নিয়ন্ত্ৰণৰ বাবে দুয়োখন দেশৰ হাতত এক উমৈহতীয়া সমাধান সূত্ৰৰ অভাৱ ৷ যথেষ্ট প্ৰত্যাহবানমূলক যদিও দুয়োখন দেশে একেলগে কাম কৰিলে সমস্যাটোৰ সমাধান ওলোৱাৰ সম্ভাৱনা আছে"৷
তাৰোপৰি চীনত জল নিয়ন্ত্ৰণ প্ৰকল্পৰ অভাৱৰ কথা স্বীকাৰ কৰি তেও কয়, "ব্ৰহ্মপুত্ৰৰ বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত 2006 চনৰ পৰাই ভাৰত আৰু চীনৰ মাজত আগতেও এলানি বৈঠক অনুষ্ঠিত হৈছিল ৷ তেও লগতে কয় যে ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দুয়ো দেশে আগবাঢ়ি অহা উচিত যাতে দুয়োখন দেশতে নদীখনৰ বানে কৰা বিস্তৰ ক্ষয়-ক্ষতি পৰ্যায় ক্ৰমে কমাব পৰা যায় ৷
ভাৰতৰে একেলগে কাম কৰিলে ব্ৰহ্মপুত্ৰৰ বান নিয়ন্ত্ৰণ কৰিব পৰা যাব : চীন - ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ
ব্ৰক্ষ্মপুত্ৰৰ বানৰ ক্ষেত্ৰত ভাৰতৰে একেলগে কাম কৰাৰ কথা কলে চীনৰ জল-সম্পদ বিভাগে ৷

নেচনেল ডেক্স, 30 আগষ্ট: বৃহস্পতিবাৰে চীনৰ জল-সম্পদ মন্ত্ৰালয়ে এক সংবাদমেলত যোগে কয় যে ভাৰত আৰু চীনে ব্ৰহ্মপুত্ৰৰ বৰ্ধিত জলপৃষ্ঠ আৰু বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এটা উমৈহতীয়া সমাধান উলিয়াবৰ বাবে একেলগে কাম কৰা উচিত ৷
সংবাদমেল যোগে জলসম্পদ বিভাগৰ পৰামৰ্শদাতা ইউন চিনজুনে কয় "ব্ৰহ্মপুত্ৰৰ বানৰ মূল কাৰণ হল নদীখনৰ বৰ্ধিত জলপৃষ্ঠ আৰু ইয়াৰ নিয়ন্ত্ৰণৰ বাবে দুয়োখন দেশৰ হাতত এক উমৈহতীয়া সমাধান সূত্ৰৰ অভাৱ ৷ যথেষ্ট প্ৰত্যাহবানমূলক যদিও দুয়োখন দেশে একেলগে কাম কৰিলে সমস্যাটোৰ সমাধান ওলোৱাৰ সম্ভাৱনা আছে"৷
তাৰোপৰি চীনত জল নিয়ন্ত্ৰণ প্ৰকল্পৰ অভাৱৰ কথা স্বীকাৰ কৰি তেও কয়, "ব্ৰহ্মপুত্ৰৰ বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত 2006 চনৰ পৰাই ভাৰত আৰু চীনৰ মাজত আগতেও এলানি বৈঠক অনুষ্ঠিত হৈছিল ৷ তেও লগতে কয় যে ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দুয়ো দেশে আগবাঢ়ি অহা উচিত যাতে দুয়োখন দেশতে নদীখনৰ বানে কৰা বিস্তৰ ক্ষয়-ক্ষতি পৰ্যায় ক্ৰমে কমাব পৰা যায় ৷
Brahmaputra flood may have possible solution
Conclusion: