ETV Bharat / bharat

দিল্লী চৰকাৰৰ সৈতে আলোচনা কৰি খোলা হ'ব সীমান্তঃ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী - Borders with Delhi will be opened after discussion with Kejriwal govt, says Haryana CM

দিল্লীত দ্ৰুত গতিত বাঢ়ি অহা কৰ'ণা ভাইৰাছ সংক্ৰমণৰ বাবে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালে ৰাজ্যখনৰ চাৰিসীমা বন্ধ কৰি দিছিল । অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত অৱশ্যে বাধা প্ৰদান কৰা হোৱা নাই ।

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী
author img

By

Published : Jun 3, 2020, 5:13 PM IST

নিউজ ডেস্ক, 3 জুনঃ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰে কয় যে,দিল্লীৰ সৈতে সীমান্ত মুকলিৰ ক্ষেত্ৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালৰ সৈতে আলোচনা কৰিহে সিদ্ধান্ত লোৱা হ'ব ।

উল্লেখ্য যে, দিল্লীত দ্ৰুত গতিত বাঢ়ি অহা কৰ'ণা ভাইৰাছ সংক্ৰমণৰ বাবে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালে ৰাজ্যখনৰ চাৰিসীমা বন্ধ কৰি দিছিল । কেৱল অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহনহে সীমান্তৰে চলাচল কৰাৰ অনুমতি প্ৰদান কৰছিল । ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে আন্তঃ ৰাজ্যিক সীমান্তৰ ক্ষেত্ৰত কোনোধৰণৰ বাধা দিয়া নাই যদিও ৰাজধানী চহৰখনত দ্ৰুত হাৰত বৰ্দ্ধমান হৈ থকা সংক্ৰমণৰ বাবে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

বিগত কিছুদিন ধৰি ৰাজ্যখনত দৈনিক হাজাৰতকৈয়ো অধিক লোকৰ দেহত সংক্ৰমিত হৈছে COVID-19 । প্ৰায় 20,000ৰ সীমা অতিক্ৰম কৰিছে দিল্লীত আক্ৰান্তৰ সংখ্যাই ।

লগতে চাওকঃ লক ডাউনৰ প্ৰভাৱ জাঁজীৰ লিচু বজাৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.