ETV Bharat / bharat

আজিৰৰে পৰা আৰম্ভ ঘৰুৱা বিমানৰ টিকট বুকিং প্ৰক্ৰিয়া

author img

By

Published : May 21, 2020, 10:31 PM IST

25 মে'ৰ পৰা আৰম্ভ হ'ব ঘৰুৱা বিমানৰ চলাচল । বৃহস্পতিবাৰৰ পৰা উপলব্ধ হ'ব টিকট সমূহ । উল্লেখ্য, দুমাহ ধৰি বন্ধ হৈ আছিল বিমান সেৱা ।

আজিৰৰে পৰা আৰম্ভ  ঘৰুৱা বিমানৰ টিকট বুকিং  প্ৰক্ৰিয়া
আজিৰৰে পৰা আৰম্ভ ঘৰুৱা বিমানৰ টিকট বুকিং প্ৰক্ৰিয়া

নিউজ ডেস্ক, 21 মে': কৰ'ণা ভাইৰাছ সংকটৰ সময়ত দুমাহ ধৰি বন্ধ হৈ থকা ঘৰুৱা বিমান সেৱা সোমবাৰৰ পৰা পুনৰাম্ভ কৰা হ'ব । এই বিমান সেৱাৰ টিকট বুকিং প্ৰক্ৰিয়া বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ।

চৰকাৰী সূত্ৰই ইটিভি ভাৰতৰ আগত অৱগত কৰা অনুসৰি দৈনিক সূচীৰ এক তৃতীয়াংশ বিমান চলাচল কৰোৱা হ'ব । অৰ্থাৎ যদি দিল্লীৰ পৰা দৈনিক 21 খন বিমান পূৰ্বতে চলিছিল, এতিয়া 7 খন বিমান চলোৱা হ'ব ।

ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত দিল্লী বিমান বন্দৰ আৰু ব্যক্তিগত বিমান প্ৰতিষ্ঠানে জনাই যে, বিমানৰ পুনৰ উৰণ সম্পৰ্কীয় চুড়ান্ত "ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰছিডিঅ'ৰ" এতিয়াও লাভ কৰা নাই ।

বিমান সেৱা পুনৰ আৰম্ভ হোৱাৰ ফলত বহু যাত্ৰী উপকৃত হ'ব বুলি কয় স্পাইছ জেটৰ পৰিচালক সঞ্চালক অজয় সিঙে । লগতে তেওঁ কয় যে, স্পাইছ জেটে অতিকে পৰিস্কাৰ আৰু নিৰাপদ যাত্ৰা আগবঢ়াব ।

ইপিনে ইণ্ডিগ'ৰ মুখপাত্ৰই প্ৰকাশ কৰা অনুসৰি যাত্ৰী সকলক নিৰাপদে লৈ যাত্ৰা কৰিবলৈ সম্পূৰ্ণ সাজু হৈ আছে তেওঁলোক ।

ইপিনে ভাৰতীয় বিমান প্ৰাধীকৰণে(AAI) যাত্ৰী সকলৰ বাবে জাৰি কৰিছে নিৰ্দেশনা । সেই অনুসৰৰি সকলো যাত্ৰীয়ে আৰোগ্য সেতু এপ ডাউনলোড কৰাটো বাধ্যতামূলক হ'ব । আনহাতে সকলোৱে ৱেব চেক ইন কৰাব লাগিব । মানি চলিব লাগিব সামাজিক দূৰত্ব, সেয়ে সহযাত্ৰীৰ পৰা অতি কমেও চাৰি মিটাৰ দূৰৈত থাকিব লাগিব । সকলো যাত্ৰীয়ে মাস্ক পৰিধান কৰিব লাগিব আৰু লগতে আন সুৰক্ষাত্মক সামগ্ৰীও নিব লাগিব । উল্লেখ্য যে, যাত্ৰী সকলে 350 মিঃলিঃ ৰ হেণ্ড ছেনিটাইজাৰ নিবলৈ অনুমতি প্ৰকাশ কৰিছিল বিগত সপ্তাহত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.