ETV Bharat / bharat

উত্তৰাখণ্ডত 20 জুনৰ পৰা আৰম্ভ হ'ব দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষা - উত্তৰাখণ্ডৰ শিক্ষা বৰ্ড

লক ডাউনৰ ফলত বাকী ৰোৱা দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বাবে সূচী নিৰ্ধাৰণ কৰিছে উত্তৰাখণ্ডৰ শিক্ষা বিভাগে । উত্তৰ বহী সমূহো 15 জুলাইৰ ভিতৰত নিৰীক্ষণ কৰাৰ বাবে প্ৰস্ততি চলাইছে শিক্ষা বিভাগে ।

উত্তৰাখণ্ডত
উত্তৰাখণ্ডত
author img

By

Published : Jun 6, 2020, 3:12 PM IST

নিউজ ডেস্ক, 6 জুনঃ উত্তৰাখণ্ডৰ শিক্ষা বৰ্ডৰ অধীনত বাকী ৰোৱা পৰীক্ষা সমূহ অনুষ্ঠিত কৰাৰ বাবে দিন নিৰ্ধাৰণ কৰিছে ৰাজ্য খনৰ শিক্ষা বিভাগে । লক ডাউনৰ ফলত বাকী ৰোৱা দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বাবে নিৰ্ধাৰণ কৰিছে এই সূচী। সেই অনুসৰি বাকী ৰোৱা বিষয় কেইটাৰ পৰীক্ষা অনুষ্ঠিত হ'ব 20 জুনৰ পৰা 23 জুনলৈ ।

আনহাতে শিক্ষা বিভাগৰ ৰাজ্যিক সচিব মীনাক্ষি সুন্দৰমে অৱগত কৰে যে,উত্তৰ বহী সমূহ 15 জুলাইৰ ভিতৰত নিৰীক্ষণ কৰা হ'ব ।

পৰীক্ষা সম্পৰ্কীয় এক জাননী ৰাজ্যখনৰ প্ৰতিখন জিলালৈ প্ৰেৰণ কৰা বুলি জনাইছে শিক্ষা সচিব গৰাকীয়ে । উল্লেখ্য যে,কৰ'ণা ভাইৰাছ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ 25 মাৰ্চৰ পৰা সমগ্ৰ দেশতেই জাৰি কৰা হৈছিল লক ডাউন। তেতিয়াৰ পৰা বন্ধ হৈ আছে সকলোবোৰ শিক্ষানুষ্ঠান । সেয়ে বহু ৰাজ্যৰ লগতে কেন্দ্ৰীয় শিক্ষা বৰ্ডৰো বহু পৰীক্ষা আধাতেই স্তব্ধ কৰিবলগীয়া হৈছিল । বাকীৰোৱা পৰীক্ষা সমূহ বৰ্তমান অনুষ্ঠিত কৰাৰ যো-জা কৰি থকা হৈছে ।

লগতে চাওকঃ ঢেকীয়াখোৱা বৰনাঘৰত আশীষ ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.