ETV Bharat / bharat

শিৱ মন্দিৰত বিষ্ফোৰণঃ নিহত এক - Siva Temple

দেশত এতিয়া সাধাৰণ নাগৰিকৰ বাদেও ভগৱানৰো সুৰক্ষা নোহোৱা হৈছে । মানুহৰ পালনকাৰী ভগৱান শিৱৰ মন্দিৰত মহাশিৱৰাত্ৰীৰ প্ৰাকক্ষণত সংঘটিত হৈছে তেনে এক ঘটনা । মাও অধ্যুষিত ছত্তিশগড়ৰ জগদলপুৰত সংঘটিত হৈছে এই ঘটনা ।

বিষ্ফোৰণ
author img

By

Published : Feb 24, 2019, 10:20 PM IST

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰীঃঘটনা অনুসৰি দেওবাৰে দিনৰ প্ৰায় ১০ বজাত সংঘটিত হয় এক বিষ্ফোৰণ । জগদলপুৰৰ দেউৰগাঁওস্থিত এক শিব মন্দিৰৰ ভিতৰত সংঘটিত এই বিষ্ফোৰণত এগৰাকী কিশোৰ নিহত হোৱাৰ বিপৰীতে আহত হয় আন চাৰিগৰাকী লোক ।

জানিব পৰা অনুসৰি মহাশিৱৰাত্ৰীৰ পূৰ্বেই দেওবাৰে দিনৰ ভাগত মন্দিৰটো চাফা কৰা হৈছিল । ঠিক তেনে সময়তে সংঘটিত হয় এক বিষ্ফোৰণ । বিষ্ফোৰণৰ ফলত মন্দিৰত উপস্থিত থকা এগৰাকী ১০ বছৰীয়া শিশু নিহত হয় । আনহাতে একে পৰিয়ালৰে আন চাৰিগৰাকীকৈ লোক আহত হয় ।

বিষ্ফোৰণ

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । আনহাতে আহত লোকসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰায় স্থানীয় লোকসকলে । আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ অন্তত কোনোবাই মন্দিৰৰ ভিতৰত বিষ্ফোৰক সামগ্ৰী লুকাই ৰাখিছিল বুলি প্ৰকাশ কৰিছে । মন্দিৰ চাফা কৰি থকাৰ সময়তে অসাৱধানবশত সেয়া বিষ্ফোৰণ ঘটি সংঘটিত হয় অনাকাংক্ষিত ঘটনাটো ।

AAAAAAAAAAAAAAA
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.