নিউজ ডেস্ক , 10 জুন : শেহতীয়াকৈ হৈ যোৱা লোকসভা নিৰ্বাচন 2019ত , বিজেপিৰ বিশাল জয়ৰ পাচত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে , হাৰিয়ানা ,মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ ক'ৰ কমিতি সকলৰ স'তে এক বৈঠক অনুষ্ঠিত কৰে ৷ দেওবাৰে ৰাজধানীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হয় ৷
এই বৈঠক খনত , চলিত বৰ্ষৰ শেষত অনুষ্ঠিত হ'ব লগীয়া বিধানসভা নিৰ্বাচনৰ ৰণনিতিৰ বিষয়ে আলোচনা কৰা হয় ৷ হাৰিয়ানাৰ মুখ্য মন্ত্ৰী মনোহৰ লাল খত্তৰ আৰু ৰাষ্ট্ৰীয় মহাসচিব ৰামলালকে প্ৰমুখ্য কৰি আন বহু নেতা এই বৈঠক খনত উপস্থিত থাকে ৷